প্ৰকৃতিপ্ৰেমী যুৱকৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে

0 299

আনলক১ ৰ প্ৰথম দিনা সুদূৰ লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ পৰা বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ লৈ উপস্থিত হ’ল প্ৰকৃতিপ্ৰেমী যুৱক। চাৰিচকীয়া নৈৰ মাছমৰীয়া পৰা উদ্ধাৰ কৰি কাছটো সংৰক্ষণৰ চিন্তাৰে প্ৰকৃতিপ্ৰেমী যুৱক দীপাংকৰ দত্তই যোৱাকালি আহি গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত কাছটো এৰি দিলে।
 
 
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ কুমাৰ বৰা, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বৈষ্ণৱ কোচ, দিগন্ত তালুকদাৰ, নগাঁও জিলাৰ সম্পাদক প্ৰভাত বৰাকে প্ৰমুখ্য কৰি বটদ্ৰৱাৰ ভকত বৈষ্ণৱৰ উপস্থিতিত কাছটো মেলি পৰম সন্তোষ লাভ কৰা কথা প্ৰকাশ কৰিলে দত্তই ।
 
 
যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে দীপাংকৰ দত্তৰ দৰে প্ৰকৃতিপ্ৰেমী যুৱকে ঢকুৱাখানাৰ পৰা বহু দূৰ অতিক্ৰম কৰি বটদ্ৰৱা থানলৈ আহি কাছ সংৰক্ষণ কৰা প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।
 
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে ।

Leave A Reply

Your email address will not be published.