সুখবৰ। আজি দিনটোত ছবিগৃহলৈ আহিব প্ৰথমখন অসমীয়া এনিমেটেড ছবি। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ শংকৰদেৱ জীৱনৰ আধাৰত ভিত্তি কৰি প্ৰস্তুত কৰা ছবিখন অসমৰ প্ৰায় ৪৬ টা ছবিগৃহত মুক্তি লাভ কৰিব। উল্লেখযোগ্য যে ২ ঘণ্টা ২৬ মিনিটৰ এই এনিমেটেড় ছবিখন পৰিচালনা কৰিছে অসমীয়া চলচিত্ৰ জগতৰ খ্যাতি সম্পন্ন পৰিচালিকা মঞ্জু বৰাই। এই সম্পৰ্কে NEFOCUS ৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰত মঞ্জু বৰাই এনেদৰে ব্যক্ত কৰে..আচলতে প্ৰযোজক সঞ্জীৱ নাৰায়ণৰ চিন্তাত প্ৰথমে এই চিনেমাখন বনোৱা কথা মনলৈ আহিছিল। জগতগুৰু শংকৰদেৱে সাহিত্য, সংস্কৃতিৰ , ধৰ্ম সকলো ফালৰ পৰা সমাজ খন গঢ় দিছিল। তেখেতে মানৱ জাতিৰ বাবে যোগোৱা বৰঙণি বিশ্ববাসীৰ মাজলৈ উলিয়াই নিয়াৰ এই ছবিখনৰ জৰিয়তে এক প্ৰয়াস কৰা হৈছে। বিশেষকৈ শিশু,যুৱ প্ৰজন্মৰ মাজলৈ সহজতে যাতে শংকৰদেৱৰ কৰ্মৰাজি লৈ যাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এনিমেটেড ছবি কৰা হৈছে। স্মতৰ্ব্য যে ছবিখনৰ গৱেষণামূলক কাম কাজ সম্পন্ন কৰাৰ লগতে সংলাপ ৰচনা কৰিছে প্ৰভাত চন্দ্ৰ দাসে। এনিমেচন পৰিচালনা ডo গৌতম দাসৰ আৰু সম্পাদনা কৰিছে শ্ৰীকৰ প্ৰসাদে। আনহাতে সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই আৰু সহকাৰী পৰিচালক জীৱন ডাউকাৰ। ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰিছে পৰিচালিকা মঞ্জু বৰাই।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত




সুন্দৰ প্ৰয়াস ভৱিষ্যতলৈ আৰু আশা কৰি শুভেচ্ছা জনালো।