যোৱা ২৭ অক্টোবৰত সাংস্কৃতিক জগত উকা কৰি স্বৰ্গগামী হোৱা অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মংগলবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত দীপক সংঘৰ কালি মন্দিৰৰ প্ৰাগণত এখনি স্মৃতিচাৰণ সভা সম্পন্ন হয়৷ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’, ‘চলচ্চিত্ৰ সমাজ, অসম’ আৰু ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থা’ৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, কলা-কুশলী, সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি৷ উক্ত অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা সম্পাদিত ‘বৰ্ণময় নিপন গোস্বামী’ শীৰ্ষক স্মৃতিগ্ৰন্থখনিও উন্মোচন কৰা হয়৷ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি মন্তব্য আগবঢ়াই কয় যে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰাসদৃশ নিপন গোস্বামীয়ে বিগত প্ৰায় ছটা দশকত শতাধিক চলচ্চিত্ৰ আৰু মঞ্চ, অনাতাঁৰ নাটত অভিনয় কৰি কেবাটাও প্ৰজন্মক সন্মোহিত কৰি থৈ গৈছে৷ গোস্বামীদেৱৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ অজস্ৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ লগতে এগৰাকী সুশৃংখলিত, নিয়মানুৱৰ্তী¹ তথা সময়ানুৱৰ্তী ব্যক্তি হিচাপেও গোস্বামীদেৱে আমাৰ নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব৷ এইগৰাকী মহাতাৰকাৰ স্মৃতিক আমি এতিয়া কেনেদৰে উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব পাৰো তাৰ বাবে সকলোৱে যৎপৰোনাষ্টি কৰা উচিত৷ এইক্ষেত্ৰত অসমৰ সাংস্কৃতিক বিভাগেও কৰিবলগীয়া বহুত আছে আৰু কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ ‘‘বৰ্ণময় নিপন গোস্বামী’ এইক্ষেত্ৰত মাইলৰ খুঁটি হৈ ৰ’ব’’ বুলি উল্লেখ কৰি মন্ত্ৰী বিমল বৰাই কয়, চলচ্চিত্ৰ সমাজ, অসম,উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু কলা-কুশলী সন্থাৰ সহযোগত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’’ৰ সম্পাদনাত প্ৰকাশিত এইখন গ্ৰন্থত সন্বিৱিষ্ট প্ৰতিটো লেখাই উদ্বুদ্ধ কৰিব৷ উল্লেখ্য যে স্মৃতিচাৰণ সভাখনত উপস্থিত থকা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ শিল্পী দীনেশ দাস, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰে৷
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme