ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ আনন্দস্থিত আনন্দ কৃষি বিশ্ববিদ্যালয় চৌহদত অনুস্থিত “প্ৰি-ভাইব্ৰেন্ট গুজৰাট” শীৰ্ষক অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে প্ৰাকৃতিক কৃষিৰ ওপৰত দেশৰ কৃষক ৰাইজক সম্বোধিত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাদেৱৰ তত্বাৱধানত প্ৰাকৃতিক কৃষি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনখনি ৱেবকাষ্টিং যোগে সম্প্ৰচাৰ কৰা হয়। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা ৰঙিয়া বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা আৰু কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ উপস্থিত থাকে। অনুস্থানটিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ সমূহ বিজ্ঞানী তথা কৰ্মচাৰীসকল আৰু উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অখিল ডেকা, ড০ ডালিম পাঠক আৰু মুখ্য বিজ্ঞানী ড০ প্ৰমোদ চন্দ্ৰ ডেকা উপস্থিত থাকে। কামৰূপ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৬০ জন কৃষকে অংশগ্ৰহণ কৰা উক্ত অনুস্থানটিৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পশু চিকিৎসা বিশেষজ্ঞা ড০ ইলাক্ষী ডেকাই।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী