জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ ঘৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। জ্ঞানপীঠ বঁটা লাভ কৰা পাছত বিশিষ্ট কবি গৰাকীক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে। বিশিষ্ট কবিগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে দুখন গ্ৰন্থ উপহাৰ দিয়ে। সাংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- জ্ঞানপীঠ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি ‘কাব্যঋষি’ শ্ৰীনীলমণি ফুকনদেৱক তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰো। লগতে তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰি আশিস বিচাৰো। শ্ৰদ্ধেয় ফুকন ছাৰৰ পৰ্বতসম অৱদানে আমাক অসমীয়া ভাষা আৰু সাহিত্যৰ জগতখনক সদা গৌৰৱান্বিত কৰি ৰাখিব। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ