জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ ঘৰত উপস্থিত হৈ কবিগৰাকীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড° শৰ্মাই

0 196

জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ ঘৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। জ্ঞানপীঠ বঁটা লাভ কৰা পাছত বিশিষ্ট কবি গৰাকীক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে। বিশিষ্ট কবিগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে দুখন গ্ৰন্থ উপহাৰ দিয়ে। সাংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- জ্ঞানপীঠ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা কবি ‘কাব্যঋষি’ শ্ৰীনীলমণি ফুকনদেৱক তেখেতৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰো। লগতে তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰি আশিস বিচাৰো। শ্ৰদ্ধেয় ফুকন ছাৰৰ পৰ্বতসম অৱদানে আমাক অসমীয়া ভাষা আৰু সাহিত্যৰ জগতখনক সদা গৌৰৱান্বিত কৰি ৰাখিব। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

Leave A Reply

Your email address will not be published.