পৰিবেশ সচেতনতাৰ বাৰ্তা বিলালে মৰিয়নীৰ এক বিবাহৰ অনুষ্ঠানে

0 359

এখন সাধাৰণ বিয়া।আয়তীৰ উৰুলি আৰু মাংগলিক নীতি নিয়মেৰে বিয়াখন সম্পন্ন হৈছে।এই বিয়াখন সম্প্ৰতি সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।কাৰণ বিয়াখনৰ যোগেদি প্ৰকৃতি সচেতনতাৰ নিদৰ্শন দেখুৱালে মৰিয়নীৰ নাগিনীজান চাহ বাগিছাৰ এটা পৰিয়ালে।
 
 
 
নাগিনীজানৰ চাহ বাগিচাৰ শ্ৰমিক অতুল কৰ্মীৰ কন্যা অৰ্চনা কৰ্মীৰ বিয়াৰ অনুষ্ঠানত কন্যা ঘৰত উপস্থিত হোৱা সকলো বৰযাত্ৰীক আপ্যায়ন পিছত একোটাকৈ গছৰ পুলি উপহাৰ হিচাপে আগবঢ়ায়।ইয়াৰ উপৰিও বিবাহৰ অনুষ্ঠানত শ্ৰমিকৰ পৰিয়ালটোৱে সৌন্দৰ্য্য বৰ্ধনৰ বাবে প্লাষ্টিক সামগ্ৰীৰ পৰিবৰ্তে থলুৱা বাঁহ আৰু টকৌ পাত ব্যৱহাৰ কৰে।পৰিয়ালটোৱে বিবাহ অনুষ্ঠানত দেখুওৱা পৰিবেশ সচেতনতাক মৰিয়নীৰ ৰাইজে শলাগ লৈছে ।
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.