পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে গীনিচ বুক অফ ৱল্ড ৰেৰ্কডত স্বীকৃতি পোৱাৰ পিছতেই নদীদ্বীপটো জিলা হিচাপে যোষিত হোৱাৰ দিন সমাগত হোৱাত মাজুলীবাসীৰ মনত উছাহৰ ঢল উঠিছে । মাজুলীবাসীয়ে আশা প্ৰত্যাশাৰে হাঁহিবলৈ ধৰিছে। বাট চাইছে মাথো ৮ চেপ্তেম্বৰলৈ….. আশা কৰা হৈছে মাজুলীৰ সমূহ জলন্ত সমস্যা দুৰীভূত হ’ব। সময় আৰু গাঁথিৰ ধন ভাঙি উন্নতমানৰ স্বাস্থ্য সেৱাৰ বাবে, শিক্ষাৰ বাবে অথবা ভাল এটা কামৰ সন্ধানৰ বাবে যোৰহাট অথবা সমীপৱৰ্ত্তী চহৰলৈ ঢাপলি মেলিব নালাগে। ভৰ বাৰিষাৰ মুষলধাৰ বৰষুণৰ বতৰত প্ৰাণলৈকো শংকা নকৰি জিলালৈ বুলি নাওৰে ইপাৰ সিপাৰ হ’ব নালাগে । চহৰত থাকি পঢ়া-শুনা কৰা সবিতা, বৰ্ণালী, প্ৰিয়ংকা হতেও গাঁৱত থাকি ভাল নাপাও বুলি কোৱা কথাষাৰ হয়টো অতীত হ’ব। ঠিক তেনেদৰে সৰু সুৰা বস্তু লাগিলেই দেউতাকক পইছা খুজি পিলিঙা জনেও চহৰলৈ এপাক মাৰি আহোগৈ বুলি কোৱা কথাষাৰ অতীত হ’ব। কাৰণ মাজুলী জিলা হ’ব । জিলা হ’লে চহৰৰ সমূহ সা- সুবিধা উপলব্ধ হ’ব । পৰ্যটন আৰু সংস্কৃতিৰ দিশৰ পৰাও আৰু উজলি উঠিব । বিদ্যুৎ ব্যৱস্থা, বাট-পথ তথা যাতায়ত ব্যবস্থা আৰু সুচল আৰু উন্নত মানৰ হ’ব । এইবোৰ মাজুলীবাসীৰ তথা মাজুলীপ্ৰেমীৰ আশা আৰু প্ৰত্যাশাহে মাথো। অনাগত সময়ত মাজুলীৰ প্ৰগতি লক্ষ্যণীয় হৈ উঠিব। এনে আশাৰ পৰিপ্ৰেক্ষিতত মাজুলীবাসীয়ে নকে হাঁহিবলৈ শিকিছে, সপোন দেখিবলৈ শিকিছে। অনাগত দিনৰ বাবে সকলোকে আমাৰ ফালৰ পৰা শুভকামনা জনাইছো।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
