পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে গীনিচ বুক অফ ৱল্ড ৰেৰ্কডত স্বীকৃতি পোৱাৰ পিছতেই নদীদ্বীপটো জিলা হিচাপে যোষিত হোৱাৰ দিন সমাগত হোৱাত মাজুলীবাসীৰ মনত উছাহৰ ঢল উঠিছে । মাজুলীবাসীয়ে আশা প্ৰত্যাশাৰে হাঁহিবলৈ ধৰিছে। বাট চাইছে মাথো ৮ চেপ্তেম্বৰলৈ….. আশা কৰা হৈছে মাজুলীৰ সমূহ জলন্ত সমস্যা দুৰীভূত হ’ব। সময় আৰু গাঁথিৰ ধন ভাঙি উন্নতমানৰ স্বাস্থ্য সেৱাৰ বাবে, শিক্ষাৰ বাবে অথবা ভাল এটা কামৰ সন্ধানৰ বাবে যোৰহাট অথবা সমীপৱৰ্ত্তী চহৰলৈ ঢাপলি মেলিব নালাগে। ভৰ বাৰিষাৰ মুষলধাৰ বৰষুণৰ বতৰত প্ৰাণলৈকো শংকা নকৰি জিলালৈ বুলি নাওৰে ইপাৰ সিপাৰ হ’ব নালাগে । চহৰত থাকি পঢ়া-শুনা কৰা সবিতা, বৰ্ণালী, প্ৰিয়ংকা হতেও গাঁৱত থাকি ভাল নাপাও বুলি কোৱা কথাষাৰ হয়টো অতীত হ’ব। ঠিক তেনেদৰে সৰু সুৰা বস্তু লাগিলেই দেউতাকক পইছা খুজি পিলিঙা জনেও চহৰলৈ এপাক মাৰি আহোগৈ বুলি কোৱা কথাষাৰ অতীত হ’ব। কাৰণ মাজুলী জিলা হ’ব । জিলা হ’লে চহৰৰ সমূহ সা- সুবিধা উপলব্ধ হ’ব । পৰ্যটন আৰু সংস্কৃতিৰ দিশৰ পৰাও আৰু উজলি উঠিব । বিদ্যুৎ ব্যৱস্থা, বাট-পথ তথা যাতায়ত ব্যবস্থা আৰু সুচল আৰু উন্নত মানৰ হ’ব । এইবোৰ মাজুলীবাসীৰ তথা মাজুলীপ্ৰেমীৰ আশা আৰু প্ৰত্যাশাহে মাথো। অনাগত সময়ত মাজুলীৰ প্ৰগতি লক্ষ্যণীয় হৈ উঠিব। এনে আশাৰ পৰিপ্ৰেক্ষিতত মাজুলীবাসীয়ে নকে হাঁহিবলৈ শিকিছে, সপোন দেখিবলৈ শিকিছে। অনাগত দিনৰ বাবে সকলোকে আমাৰ ফালৰ পৰা শুভকামনা জনাইছো।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ