কামৰূপ জিলাৰ বকোৰ ভেহুৱাত মংগলবাৰে স্বাস্থ্য বিভাগৰ এটি বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক এই স্বাস্থ্য শিবিৰ বকোৰ ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয়।স্বাস্থ্য শিবিৰটো ৰাইজৰ উপস্থিতিত উদ্ধোধন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক দেৱেন বড়োই।এই স্বাস্থ্য শিবিৰত ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে ভেহুৱা অঞ্চলৰ বহু লোকক বিভিন্ন ৰোগৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।এই স্বাস্থ্য শিবিৰত স্বাস্থ্য বিভাগৰ বিভিন্ন আচনি সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এখনি সজাগতা সভা ও অনুষ্ঠিত হয়।এই শিবিৰত লোকসকলক আয়ুষ্মান ভাৰতৰ ই কে ৱাই চি আৰু আয়ুস্মান ভাৰত হেল্থ একাউণ্ট নামেৰে বীমা কৰি দিয়া হয়।এই স্বাস্থ্য শিবিৰটোত বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া ড° মণ্টু কুমাৰ দাসৰ লগতে বহুকেইজন জ্যেষ্ঠ চিকিৎসক,নাৰ্চ ৰ লগতে স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰী উপস্থিত থাকে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা