কামৰূপ জিলাৰ বকোৰ ভেহুৱাত মংগলবাৰে স্বাস্থ্য বিভাগৰ এটি বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক এই স্বাস্থ্য শিবিৰ বকোৰ ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয়।স্বাস্থ্য শিবিৰটো ৰাইজৰ উপস্থিতিত উদ্ধোধন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক দেৱেন বড়োই।এই স্বাস্থ্য শিবিৰত ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে ভেহুৱা অঞ্চলৰ বহু লোকক বিভিন্ন ৰোগৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।এই স্বাস্থ্য শিবিৰত স্বাস্থ্য বিভাগৰ বিভিন্ন আচনি সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এখনি সজাগতা সভা ও অনুষ্ঠিত হয়।এই শিবিৰত লোকসকলক আয়ুষ্মান ভাৰতৰ ই কে ৱাই চি আৰু আয়ুস্মান ভাৰত হেল্থ একাউণ্ট নামেৰে বীমা কৰি দিয়া হয়।এই স্বাস্থ্য শিবিৰটোত বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া ড° মণ্টু কুমাৰ দাসৰ লগতে বহুকেইজন জ্যেষ্ঠ চিকিৎসক,নাৰ্চ ৰ লগতে স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰী উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan