কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Centenary Convention Centreত ১১ নবেম্বৰ অৰ্থাৎ কালি ইণ্ডো-ফ্ৰেন্স পাৰ্ক আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ প্ৰথম পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।এই অংশীদাৰিত্ব হৈছে ফ্ৰান্স উন্নয়ন সংস্থা, ফ্ৰান্স বন সেৱা আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰ বন বিভাগৰ মাজত।ফ্ৰান্স উন্নয়ন সংস্থাৰ সঞ্চালক ব্ৰুণো বছলেয়ে কয় এই অংশীদাৰিত্ব আমাৰ চলিত সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক চুক্তিৰ ক্ষেত্ৰত সহযোগিতাক বন্যপ্ৰাণী ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বিষয়ত বিশেষ সহায় কৰিব।এম.কে. যাদৱ, আই.এফ.এছ,পি.চি.চি.এফ, চি ডব্লিউ এল ডব্লিউ, অসমে এই কৰ্মশালাৰ সভাপতিত্ব কৰে। এই খণ্ডত তেওঁৰ অভিজ্ঞতাৰ পৰা সমগ্ৰ অসমত বন সংৰক্ষণ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাত সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু উদীয়মান কৌশলৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টিৰো ভাগ বতৰা কৰে।ইফালে এই কৰ্মশালাত অংশগ্ৰহণ কৰে কাৰিকৰী সঞ্চালক গিলছ ময়নট আৰু অ’এনএফআইৰ গৱেষণা বিশ্লেষক লুচিল আউজেমেৰী আৰু টাস্ক টীম লিডাৰ (জৈৱ বৈচিত্ৰ্য), ইমানুৱেল ফোৰমেন, অৰ্থনীতিবিদ (বিপদাশংকা বিভাগ), অক্ষীতা শৰ্মা আৰু এএফডিৰ চেক্টৰ পৰ্টফলিঅ’ মেনেজাৰ (জৈৱ বৈচিত্ৰ্য)ৰ লগতে অসমৰ বিভাগীয় বন বিষয়াই।উল্লেখ্য যে, এই কৰ্মশালা হৈছে উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ অধীনত প্ৰথম বিতৰণযোগ্য, যাৰ উদ্দেশ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতিগত ভাৱে গুৰুত্বপূৰ্ণ এলেকাবোৰত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বহনক্ষম পৰ্যটন, আৰু সুৰক্ষিত এলেকাবোৰৰ উন্নত ব্যৱস্থাপনাৰ প্ৰচাৰ কৰা।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ