বিদেশত হৃদয় জিনিছে অসমৰ এজন শিল্পীয়ে

0 256
সৰুৰে পৰা ছবিৰ প্ৰতি দুৰ্বলতা আছিল ল’ৰাজনৰ। মাকৰ অনুপ্ৰেৰণাত আৰ্টচ শিকাৰ বাবে ঢাপলি মেলিছিল বাংগালোৰলৈ। বিশ্বাস কৰক, বাংগালোৰত আজি ল’ৰা জনক চিনি নোপোৱা মানুহ খুব কমেহে ওলাব।
শিৱসাগৰৰ বুবুমনি হাজৰিকা নামৰ এই বিশেষ ল’ৰাজন বৰ্তমান বাংগালোৰ চহৰৰ এগৰাকী জনপ্ৰিয় শিল্পী। বুবুমনিয়ে আৰ্ট কৰা যিকোনো শিল্পকলাই ফ্লেট, মলত শোভা বৰ্দ্ধন কৰিছে। এই বিষয়ে জানিব পাৰি হাজৰিকাৰ লগত সংযোগ স্থাপন কৰাত আমাৰ আগত এনেদৰে মন্তব্য  কৰে। মই বেলেগ কাম একোকে নাজানিছিলো। পঢ়াতো সিমান ৰাপ নাছিল। সেয়েহে কৰি ভালপোৱা এটা কামকে জীৱনৰ পেছা হিচাপে নিৰ্বাচন কৰো।
মেট্ৰিকৰ দেওনা অতিক্ৰম কৰিয়ে আৰ্টচ বিষয়ক বহুতো পাঠ্যক্ৰম অধ্যয়ন কৰি পৰৱৰ্তী সময়ত কৰ্মশালাৰ জৰিয়তে নিজাকৈ বাংগালোৰত এটা কোম্পানী গঠন কৰো। আমাৰ কোম্পানীটোৰ নাম ময়ুৰী আৰ্টচ। বাংগালোৰ নিচিনা চহৰত নিজাকৈ প্ৰতিষ্ঠা হ’বলৈ যথেষ্ট ধৈৰ্য্য আৰু আৰ্থিক স্বচ্চলতাৰ প্ৰয়োজন। ঘৰৰ পৰা আৰ্থিক ক্ষেত্রত সহায় পোৱাৰ বাবে আগবাঢ়িবলৈ সুযোগ পালো। এই মন্তব্য  বুবুমনি হাজৰিকাৰ। উল্লেখযোগ্য যে এই শিল্পীজনে কোনো শিল্পক প্ৰথমে মাটিৰে গঢ় দি ফাইবাৰ লৈ পৰিবৰ্তন কৰে।
গ্ৰাহকে যেনেদৰে অৰ্ডাৰ  দিব বিচাৰে, তেনেদৰে গঢ় দি বিক্ৰী কৰে। ময়ুৰী আৰ্টচত বৰ্ত্তমান ১০ জন লোক কৰ্মৰত হৈ আছে। এতিয়াও জীৱন সংগ্ৰাম কৰিয়েই আছো। আগবাঢ়িবলৈ বহু আছে। অসমত কাম কৰাৰ বহু ইচ্ছা আছিল। কিন্তু সময়ে সুযোগ নিদিয়াৰ বাবে পিছপৰি আছো। এই মন্তব্য বুবুমনি হাজৰিকাৰ।
তেখেতৰ মতে শিল্পী হ’বলৈ হ’লে কোনো ডিগ্ৰী – ডিপ্লমাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো এটা শিল্পী সুলভ মনৰ। কোনোৱে যদি ইচ্ছা কৰে বুবুমনি হাজৰিকাৰ ওচৰত শিল্পকলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। সুন্দৰ সুন্দৰ শিল্পকৰ্মৰে স্বপ্ৰতিভাৰে বিদেশত উজলি উঠা শিল্পী গৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
   
           সংগীতা শইকীয়া
               সম্পাদক
           এন ই ফ’কাচ ডট কম
Leave A Reply

Your email address will not be published.