বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

0 240

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসম প্ৰশাসনীক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনৰ বিষয় ববীয়া সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়।
 
বৈঠক কেইখনত সংগঠন সমূহে প্ৰদান কৰা বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ অভাৱ অভিযোগ সমূহৰ দ্ৰুত নিস্পত্তিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
 
সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুয়োটা গোটকে ধৰি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা আঠটা সংগঠনৰ বিষয়ববীয়া সকলে মুখ্যমন্ত্ৰীক কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ বিধেয়ক বিধান সভাত গৃহীত কৰোৱাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।মুখ্যমন্ত্ৰীয়ে পৰিষদক অতি সোনকালে পূৰ্ণাঙ্গ ৰূপ দিয়া বাবে অসম চৰকাৰে যাৱতীয় সহযোগিতা আগবঢ়াব বুলি সংগঠন কেইটাক আশ্বাস প্ৰদান কৰে ।
 
গাৰো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা চাৰিটা জাতীয় সংগঠন ক্ৰমে গাৰো নেশ্যনেল কাউন্সিল,গাৰো ছাত্ৰ সন্থা,ইউনাইটেড গাৰো নেশ্যনেল কাউন্সিল মুভমেণ্ট কমিটি আৰু গাৰো সাহিত্য সভাৰ বিষয়ববীয়া সকলে আজি মুখ্যমন্ত্ৰী হাতত জনগোষ্ঠীটোৰ স্বায়ও শাসন প্ৰদানকে ধৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আদিম জনগোষ্ঠীৰ গাৰো সকলৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ।চৰকাৰে তেওঁলোকৰ মূল দাবী স্বায়ও শাসন প্ৰদান কৰা বিষয়টো সক্ৰিয় ভাবে বিবেচনা কৰি আছে বুলি সংগঠন কেইটাক জানিবলৈ দিয়ে।
 
আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলেও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ জনজাতিকৰনৰ বিষয়টো চৰকাৰৰ চলিত কাৰ্যকালৰ ভিতৰত নিস্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ দিশত গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।
ৰাজ্যখনৰ এটা সুবৃহৎ জনগোষ্ঠী আদিবাসীসকলৰ ন্যায় দাবী সমূহ চৰকাৰে গভীৰভাৱে উপলদ্ধি কৰে । ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ জনজাতীকৰনৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি ৰাজ্য সভাত বিধেয়ক উত্থাপন কৰা পৰ্য্যায়ৰ লৈকে বিষয়টো আগবঢ়াই নিয়া স্বাধীনতা পিছৰ এইখনেই প্ৰথম খন চৰকাৰ বুলি মন্তব্য কৰি এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ ওপৰত কোনো ধৰণৰ সন্দেহ নকৰিবলৈ আহ্বান জনায়।
 
এফালে ৰাজ্যখনৰ কোচ ৰাজবংশী, টাই আহোম,চুতীয়া,গোর্খা,মদাহি,হিন্দী ভাষী, ৰাভা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন বিষয় ওপৰত দাবী উত্থাপন কৰে।
 
উল্লেখিত আটাইকেইটা বৈঠকতে মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,বোকাজান সমষ্টি বিধায়ক ডাঃ নোমল মমিন,অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা,মুখ্যমন্ত্ৰী প্ৰধান সচিব সঞ্জয় লোহিয়া,মুখ্যমন্ত্ৰী বিশেষ আয়ুক্ত ৰঞ্জন চক্ৰৱৰ্তী, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যান বিভাগৰ আয়ুক্ত সচিব ডঃ এম অংগমুথুকে ধৰি উচ্চপদস্থ বিষয়া সকল আৰু সংগঠন সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.