সোণাৰিৰ গাঁওবাসীয়ে প্ৰদুষণমুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে

0 251

চৰাইদেউ জিলাৰ সোণাৰিৰ এখন ঐতিহ্যমণ্ডিত ঠাই চলাপথাৰ শ্যাম গাঁও। প্ৰতিদিনে গাঁওখনলৈ বহু দেশী বিদেশী পৰ্যটকৰ আগমন হয়। টাই খাময়াং জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান গাঁওখনক প্ৰদুষণমুক্ত গাঁও হিচাপে গঢ়ি তুলিবলৈ এদল যুৱক যুৱতী আগবাঢ়ি আহিছে।
 
নিজৰ গাঁৱৰ সুনাম অটুত ৰাখিবলৈ সদা সচেতন এইসকল যুৱক-যুৱতীয়ে ইতিমধ্যে প্লাষ্টিক মুক্ত গাঁও হিচাপে ঘোষণা কৰা লগতে গাঁওবাসীক সজাগ কৰাৰো চেষ্টা অব্যাহত ৰাখিছে। ইফালে মুখ্যমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনিৰ অন্তৰ্ভুক্ত চলাপথাৰ গাঁওৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰস্থল চলাপথাৰ বৌদ্ধ বিহাৰৰ ধৰ্মগুৰু তথা অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক ভদন্ত শাসনবংশ মহাস্থবৰিৰ নামত সপ্তাহৰ দুটা দিন উচৰ্গা কৰি স্বচ্চতা অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। কৰ’ণাকালত প্ৰকৃততে ই এয়া উৎসাহজনক খবৰ হিচাপে বিবেচিত হৈছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিৎ ভূঞাই

Leave A Reply

Your email address will not be published.