বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। মুখ্য কাৰ্যসূচী অনুসৰি, কাৰ্যালয়ৰ কাষত প্ৰায় ৪০ জোপা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়। গছ পুলি ৰোপণ কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে ‘গছ অবিহনে প্ৰকৃতি কল্পনাই কৰিবই নোৱাৰি। তেনেস্থলত আমাৰ কৰিব লগীয়া তেনেই নগন্য, আৰু সেয়া হৈছে আমি প্ৰকৃতিক সুৰক্ষা কৰিবলৈ গছ ৰোপণৰ লগতে দৈনন্দিন প্লাষ্টিক ব্যৱহাৰ এৰি চলিব লাগিব। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আগমন কক্ষত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীক প্ৰায় ৪০০ ফুলগছ টাবসহ প্ৰদান কৰা হয়। যাত্ৰী সকলৰ মাজত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি থকা কুইজ প্ৰতিযোগীতাৰো আয়োজন কৰা হয়।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ