ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজি আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্র আৰু ৰাণী সামূহিক কেন্দ্ৰত দুখন এম্বুলেঞ্চ প্ৰদান কৰা হয়।এই এম্বুলেঞ্চ সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।এই উপলক্ষে আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সাংসদ কুইন ওজাই ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে।ডাঃ নৰেণ শৰ্মা বৰদলৈৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য,জিলা উন্নয়ণৰ বিষয়া টংকেশ্বৰ দাস,ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূবৰ কেন্দ্রীয় সঞ্চালক সঞ্জীৱ জিন্দাল,বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ,কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক নৰেণ সিং টিচু,আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱা,ৰাণী মণ্ডল বিজেপিৰ সভাপতি প্ৰশান্ত মহন্ত,আজাৰা গাঁও পঞ্চায়তৰ সভানেত্রী কবিতা বড়ো ৰংপিৰ উপৰিও আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্রৰ সমূহ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকল উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান