বিশেষ ভাৱে সক্ষম সকলৰ সমস্যাক সামৰি ই সন্মিলন অনুষ্ঠিত

0 297

বিশেষভাৱে সক্ষম লোকসকলৰ বিভিন্ন সমস্যা সমাধান আৰু জনজাগৰণ সৃষ্টি কৰা উদ্দেশ্যেৰে অলপতে অসম আইন মহাবিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সংস্থা আৰু IQAC, ডঃ আৰ. কে. বি. আইন মহাবিদ্যালয়, আৰু ডিব্ৰুগড় কেন্দ্ৰ সক্ষমৰ  লগত যুটীয়া ভাৱে মিলি এখন ই কনফাৰেন্স সন্মিলন অনুষ্ঠিত কৰে।
 
 
এই সন্মিলন খনত আৰ. কে. বি. আইনী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ গৌতমী দত্তৰ ভাষনেৰে শুভাৰম্ভ হয়। অনুষ্ঠানত উত্তৰ অসম অধ্যায়ৰ যুটীয়া সম্পাদক ডঃ অৰুপ জ্যোতি কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিয়োগ বিষয়া , সক্ষম উত্তৰ অসম অধ্যায়ৰ সচিব মনোজ কুমাৰ তামুলী, সক্ষমৰৰ প্ৰতিস্থাপক সম্পাদক ডঃ কে. সুকুমাৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিবক্তা অশোক কুমাৰ দ্বীবেদীয় , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ডঃ ৰূপম শইকীয়া,যোৰহাট আইনী মহাবিদ্যালয় অধ্যক্ষ ডঃ অজয় কুমাৰ দাস, দিছপুৰ আইন মহাবিদ্যালয় শৈক্ষিক সদস্য ডঃ সুৰঞ্জনা কলিতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.