বিশ্ব শান্তিৰ বাবে ভাগৱত পাঠ অনুষ্ঠিত

0 284

জামুগুৰিহাটৰ অন্তৰ্গত ৰত্নপুৰ গৰিয়াখানা ৰাইজৰ সৌজ্যনত অলপতে  বৈকুণ্ঠ ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰত্নপুৰৰ শংকৰদেৱ সংঘৰ কীৰ্ত্তন গৃহত অনুষ্ঠিত এই বৈকুণ্ঠ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজ ৷  ৰাইজৰ উপস্থিতিয়ে বৈকুণ্ঠ নগৰী কৰি তোলে  ৷ এই বৈকুণ্ঠ ভাগৱত পাঠ অনুষ্ঠানত পাঠক হিচাপে উপস্থিত থাকে নাৰায়নপুৰৰ পাঠক বিজয় গুৱালা আৰু বাখ্যাকাৰ হিচাপে উপস্থিত থাকে নাৰায়নপুৰৰ মাধব দাস আৰু ধেমাজিৰ ৰঞ্জিত শইকীয়া ৷ বিশ্ব শান্তিৰ উদ্দেশ্যেৰেই এই বৈকুণ্ঠ ভাগৱত পাঠৰ আয়োজন কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

 

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.