গুগলৰ সহযোগত ৱ’মেন ইঞ্জিনিয়াৰ্ছ (WE) কাৰ্য্যক্ৰমৰ চতুৰ্থ সংস্কৰণৰ কথা ঘোষণা টেলেন্টস্প্ৰিন্টৰ

0 397

এটি গ্ল’বেল এডটেক কোম্পানী আৰু ৰূপান্তৰমূলক গভীৰ প্ৰযুক্তিসম্পন্ন (deeptech) কাৰ্য্যক্ৰমৰ মাৰ্কেট নেতৃত্ব বহনকাৰী টেলেন্টস্প্ৰিন্টে অলপতে ইয়াৰ ৱ’মেন ইঞ্জিনিয়াৰ্ছ (WE) কাৰ্য্যক্ৰমৰ চতুৰ্থ সংস্কৰণৰ কথা ঘোষণা কৰে। গুগলে এই কাৰ্য্যক্ৰমলৈ ইয়াৰ প্ৰযুক্তি স্পেকট্ৰামত মহিলাসকলক কেন্দ্ৰীভূত পদক্ষেপৰ জৰিয়তে জড়িত, সক্ষম আৰু সবলীকৰণৰ অংগীকাৰৰ সৈতে সংগতি ৰাখি আৰম্ভণিৰেপৰাই সহায় আগবঢ়াই আহিছে। ডব্লিউই (WE) ৰ মুখ্য উদ্দেশ্য হৈছে বিভিন্ন আৰ্থ-সামাজিক পৃষ্ঠভূমিৰ উদ্যোগী আৰু উচ্চাকাংক্ষী মহিলা শিক্ষাৰ্থীসকলক উচ্চ-বিকাশৰ প্ৰযুক্তি কেৰিয়াৰৰ বাবে সাজুকৰণত সহায় কৰা। এই বৰ্ষৰ কাৰ্য্যক্ৰমটোৰ লক্ষ্য হৈছে বৈশ্বিকভাৱে প্ৰতিযোগিতামূলক ছফ্টৱেৰ অভিযন্তা হ’বলৈ ২৫০ গৰাকী প্ৰথম-বৰ্ষৰ মহিলা শিক্ষাৰ্থীক বাছি উলিওৱা আৰু সাজু কৰা। এই কাৰ্য্যক্ৰমে প্ৰতিগৰাকী নিৰ্বাচিত শিক্ষাৰ্থীক সম্পূৰ্ণ-পুঁজিৰে (fully-funded) ১০০% টিউশ্যন বৃত্তি আৰু ১০০,০০০ টকাৰ উপবৃত্তি (stipend) প্ৰদান কৰিব।
গ্ল’বেল প্ৰযুক্তি খণ্ডটোত পৰ্য্যাপ্ত বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিৰ অভাৱ, বিশেষকৈ মহিলাৰ নিম্ন প্ৰতিনিধিত্ব হৈছে এতিয়া এক প্ৰধান চিন্তাৰ বিষয়। সঠিকভাৱে এই সমস্যাটো সমাধান কৰিবলৈ, টেলেন্টস্প্ৰিন্টে চাৰি বছৰ পূৰ্বে ডব্লিউই (WE) কাৰ্য্যক্ৰমটোৰ চিন্তা কৰিছিল। কাৰ্য্যক্ৰমটোৰ পূৰ্বৰ তিনিটা সংস্কৰণ অত্যন্ত সফল হৈছে আৰু ৫৫,০০০ ৰোধিক আবেদনকাৰীয়ে ৫০০ খন আসনৰ বাবে আবেদন কৰিছে। ডব্লিউই (WE) ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে ৫০ ৰোধিক গ্ল’বেল প্ৰযুক্তি প্ৰতিষ্ঠানত ১০০% নিয়োগ লাভ কৰিছে, যাৰ গড় দৰমহা মাৰ্কেট মিডিয়ানৰ ৩x আৰু বছৰি ৫৪ লাখৰ সৰ্বাধিক ক্ষতিপূৰণ। ই ডব্লিউই (WE) কাৰ্য্যক্ৰমটো যে যুৱ মহিলা শিক্ষাৰ্থীসকলৰ বাবে এক ৰূপান্তৰমূলক মঞ্চ তাকে সূচিত কৰিছে যিয়ে তেওঁলোকক ফলপ্ৰসূ গ্ল’বেল কেৰিয়াৰলৈ নিক্ষেপ কৰিব বিচাৰে।
পৰৱৰ্তী সংস্কৰণটোৰ ঘোষণা সন্দৰ্ভত মন্তব্য কৰি গুগলৰ ভিপি/জিএম শিৱ ভেংকটৰমনে কয়, “এই পথাৰখন সমান কৰা আৰু সৰ্বজনীনভাৱে প্ৰাসংগিক সমাধান সূত্ৰ আগবঢ়োৱাৰ অংগীকাৰ সঁচা অৰ্থত পূৰণৰ বাবে, প্ৰযুক্তি সংস্থাসমূহত মহিলাৰ প্ৰতিনিধিত্ব গুৰুত্বপূৰ্ণ। পূৰ্বৱৰ্তী সংস্কৰণসমূহৰ সফলতাই আমাক কাৰ্য্যক্ৰমটোৰ বৰ্ধন ঘটাবলৈ উৎসাহিত কৰিছে আৰু এই কাৰ্য্যক্ৰমটোক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত টেলেন্টস্প্ৰিন্টক সহায় আগবঢ়াই আমি অত্যন্ত সুখী।
টেলেন্টস্প্ৰিন্টৰ সহ-প্ৰতিষ্ঠাপক আৰু চিইঅ’ ডঃ শান্তনু পালে কয়, “যোৱা তিনি বছৰত টেলেন্টস্প্ৰিন্ট ডব্লিউই (WE) কাৰ্য্যক্ৰমটো অধিক শক্তিশালী হৈ পৰিছে। আমি ৫০০ ৰোধিক উৎসাহী অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ মহিলা শিক্ষাৰ্থীৰ ৰূপান্তৰমূলক যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ উৎসাহ অনুভৱ কৰিছো যিসকলে আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে তেওঁলোকৰ আইটি কেৰিয়াৰ আৰম্ভ কৰিছে। আমি গুগলৰ সৈতে আমাৰ অংশীদাৰিত্ব গভীৰ আৰু প্ৰযুক্তি উদ্যোগটোত লিংগৰ ব্যৱধান দূৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখি আনন্দিত।
দুবছৰীয়া নিবিড় (intensive) কাৰ্য্যক্ৰম হিচাপে আগবঢ়োৱা ডব্লিউই (WE) য়ে টেলেন্টস্প্ৰিন্টৰ শীৰ্ষ-স্থানীয় ফেকাল্টী আৰু উদ্যোগ বিশেষজ্ঞসকলৰপৰা শিকা আৰু গুগলৰ অভিযন্তা আৰু প্ৰযুক্তি নেতৃত্বসকলৰপৰা পৰামৰ্শক অন্তৰ্ভুক্ত কৰে। বি টেক বা বি ই অধ্যয়নৰত অভিযান্ত্ৰিক বেকগ্ৰাউণ্ড, আইটি, চিএছই, ইইই, গণিত, প্ৰায়োগিক গণিত (Applied Math) বা সমতুল্য আৰু ১০ম আৰু দ্বাদশ শ্ৰেণীত ৭০% ৰোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকল এই কাৰ্য্যক্ৰমৰ বাবে যোগ্য।
যোগ্য শিক্ষাৰ্থীসকলৰ বাবে আবেদন বৰ্তমান মুকলি আছে। কেনেদৰে আবেদন কৰিব লাগে সেই সম্পৰ্কে অধিক তথ্যৰ বাবে, আবেদনকাৰীসকলে কাৰ্য্যক্ৰমটোৰ ৱেবছাইট https://we.talentsprint.com/ দৰ্শন কৰিব পাৰে।

Leave A Reply

Your email address will not be published.