নগাঁও জিলাৰ ৰহাত অলপতে কপিলী নদীৰ ওপৰত নৱনিৰ্মিত পকী দলং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰহা সমষ্টিৰ অন্তৰ্গত আমচৈ-চাপৰমুখ সংযোগী পথত লোকনিৰ্মাণ (পথ) বিভাগে ৰাজ্যৰ স্ব-অগ্ৰাধিকাৰপ্ৰাপ্ত উন্নয়ন (এছঅ’পিডি) আঁচনি শিতানৰ ১০.৩৫ কোটি টকা ব্যয় সাপেক্ষেপ্ৰায় ১৫৩ মিটাৰ দৈৰ্ঘৰ এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত ৰাইজক সম্বোধি মন্ত্ৰী হাজৰিকাই কয় যে কপিলী নদীৰ ওপৰত এই নতুন পকী দলংখনৰ নিৰ্মাণে ৰহাবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ কৰাৰ লগতে পথটিৰে যাতায়তৰ ক্ষেত্ৰত ইমান দিনে সমষ্টিবাসীয়ে ভোগ কৰা দুখ-কষ্টৰো যৱনিকা পৰিল। সমষ্টিটোৰ অন্তৰ্গত পথসমূহৰ দ্ৰুত উন্নীতকৰণত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিশেপ গুৰুত্ব আৰোপ কৰিছে বুলি দোহাৰি মন্ত্ৰী হাজৰিকাই আগন্তুক দুটা বছৰৰ ভিতৰতে ৰহা সমষ্টিৰ পথ আন্তঃগাঠনিৰো ব্যাপক উন্নতি ঘটিব বুলি ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাস, ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত-সচিব ৰাজেশ কেম্প্ৰাই, নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিৱৰে অংশগ্ৰহণ কৰে।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ