ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহু উদযাপন কমিটিয়ে কিছু নিৰ্দেশনা জাৰি কৰিছে।বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি তথা অসম সাহিত্য সভাই আজি ভগৱতী প্ৰসাদ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলখনত জনায় যে বিহু সন্মিলন সমূহত ব্যৱহাৰ কৰা নামফলক, প্ৰাকৃতিক, মূল তোৰণ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে সমূহ বিহু উদযাপন সন্মিলনক আহ্বান জনায়।শেষ নিশা সংঘটিত দুৰ্ঘটনা বা অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে সাংস্কৃতিক কাৰ্য্যসূচীৰ ১২টাৰ পৰা ১টাৰ ভিতৰত সমাপ্ত কৰাৰ বাবে আহ্বান জনায়।মঞ্চৰ উদ্যোক্তা আৰু শিল্পীসকলে জাতীয় জীৱনৰ লগত সম্পৰ্কিত মাৰ্জিত পোছাক পৰিধান কৰাৰ বাবে আহ্বান জনায়।লগতে ৰঙালী বিহুত প্ৰয়োজন হোৱা বিহুৱান অসমীয়া শিপিনীয়ে প্ৰস্তুত কৰা বিহুৱান যাতে ব্যৱহাৰ হয় তাৰ প্ৰতি বিহু কমিটিক আহ্বান জনায়।উল্লেখযোগ্য যে বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়েও পূৰ্বেও এনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ।অসমৰ প্ৰায় ৩০০খন বিহু সন্মিলনীয়ে এই নিৰ্দেশাৱলী মানি লৈছে বুলি কাৰ্য্যকৰী সভাপতি ৰঞ্জন বৰাই জানিবলৈ দিয়ে ।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান