সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত আজিৰে পৰা ২৭ তিনিদিনীয়াকৈ আৰম্ভ হৈছে বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু বি এছ এফৰ কলকাতাস্থিত পূব মণ্ডল আৰু চণ্ডীগড়স্থিত পশ্চিম মণ্ডলৰ মুঠ ১৩৬ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লৈছে । য’ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছে। আনহাতে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজৰ তত্বাবধানত অনুষ্ঠিত ক্ৰীড়া সমাৰোহখন আজি পুৱা শুভাৰম্ভ কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ উপ মহা পৰিদৰ্শক তথা প্ৰিঞ্চিপাল ষ্টাফ অফিচাৰ ৰাজেশ কুমাৰে । এই উপলক্ষে অনুষ্ঠিত চমু উদ্ধোধনী অনুষ্ঠানত ৰাজেশ কুমাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মহিলা খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰি কয় যে ইয়াৰ দ্বাৰা খেলুৱৈ সকলৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ এনাজৰীডাল সুদুঢ় হোৱাৰ লগতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব। উদ্ধোধনী অনুষ্ঠানৰ পূৰ্বে খেলুৱৈ সকলে মাৰ্চপাৰ্ট প্ৰদৰ্শন কৰে। উল্লেখ্য যে অহা ২৭ আগষ্টত সমাৰোহৰ সামৰণি পৰিব।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী