বি এছ এফৰ হাফ মাৰাথান আৰু একতাৰ দৌৰ

0 113

IMG-20171008-WA0024

ভাৰত, পাকিস্তান আৰু ভাৰত বাংলাদেশৰ আন্তঃ ৰাষ্ট্ৰীয় সীমান্তত সুৰক্ষাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটীৰ ফণ্টিয়াৰ মুখ্যকাৰ্য্যালয়ত প্ৰাণ আহুতি দিয়া ৰাজস্থানৰ বি এছ এফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জ্ঞাপনৰ উদ্দেশ্যে অহা ২২ অক্টোবৰত মাৰাঠী শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ২২ অক্টোবৰত গুৱাহাটীত অনুস্থিত কৰিব হাফ মাৰাথান (২১কিলোমিটাৰ)আৰু একতাৰ দৌৰ (৫ কিলোমিটাৰ)। এই হাফ মাৰাথান আৰু একতাৰ দৌৰ সেইদিনা পুৱা ৫.৩০ বজাত খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ত অনুস্থিত হ’ব। এই সন্দৰ্ভত আজাৰা পাটগাঁওস্থিত বি এছ এফৰ গুৱাহাটীৰ ফণ্টিয়াৰ মুখ্যকাৰ্য্যালয়ত ৭ অক্টোবৰ সন্ধিয়া আয়োজিত এক সংবাদমেলত আগন্তুক হাফ মাৰাথান আৰু একতাৰ দৌৰৰ বিষয়ে সদৰী কৰে গুৱাহাটীৰ ফণ্টিয়াৰ মহাপৰিদৰ্শক ৰাকেশ কুমাৰ আগৰৱালাই। মহাপৰিদৰ্শক ৰাকেশ কুমাৰ আগৰৱালাই কয় হাফ মাৰাথান আৰম্ভ হ’ব পুৱা ৫:৩০ বজাত আৰু একতাৰ দৌৰ আৰম্ভ হব পুৱা ৬:৩০ বজাত। হাফ মাৰাথান ১৮ বছৰ উৰ্দ্ধৰ সকলো পুৰুষ মহিলাই ভাগ লোৱাৰ বিপৰীতে একতাৰ দৌৰত সকলো বয়সৰ লোকে ভাগ ল’ব পাৰিব। হাফ মাৰাথানৰ প্ৰথম বিজয়ীক ১৫ হাজাৰ টকা, দ্বিতীয়ক ১০ হাজাৰ টকা, তৃতীয়ক ৮ হাজাৰ টকা, চতুৰ্থক ৫ হাজাৰ টকা, পঞ্চমক ৪ হাজাৰ টকা, ষষ্ঠ ৩ হাজাৰ টকাসহ মানপত্ৰ প্ৰদান কৰা হব। দুয়োটা দলৰ পঞ্জীয়ন বিনামুলীয়া আৰু অন লাইনত নাম পঞ্জীয়ন কৰিব লাগিব। অন লাইনত নাম পঞ্জীয়ন কৰিব খোজা সকলে ই মেইল ঠিকনা  [email protected] ত নিজৰ নাম প্ৰেৰণ কৰিব পাৰিব। 

 

Leave A Reply

Your email address will not be published.