বৃক্ক দিৱস উদযাপন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে

0 250

কালিলৈ বিশ্ব কিডনী দিৱস।সেই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কিডনী বিভাগে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিব।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত কিডনী বিভাগৰ বিশেষজ্ঞা ডাক্টৰ মঞ্জুৰী শৰ্মাই কয় যে প্ৰতিবছৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে বৃক্ক ৰোগৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।এইবাৰৰ থিম হ’ল বৃক্কৰ সম্পৰ্কে সকলোকে সজাগ কৰি তোলা ।কালিলৈ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা ৱাকাথন আৰু সজাগতা মূলক কাৰ্য্যসূচী অনুষ্ঠিত হ’ব ।সংবাদ মেলত উপস্থিত থাকি ডক্টৰ নন্দিতা চৌধুৰীয়ে বৃক্ক ৰোগৰ লক্ষণ, সাৱধানতাৰ সম্পৰ্কে মন্তব্য আগবঢ়ায়।উল্লেখযোগ্য যে ২০০৬ চনৰ পৰা বিশ্ব কিডনী দিৱস সমগ্ৰ বিশ্বতে উদযাপিত হৈ আহিছে ।

Leave A Reply

Your email address will not be published.