অসমত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।ক’ভিডৰ সংক্ৰমণৰ বাবেই সময়সীমা বাবে বৃদ্ধি কৰা হৈছে।সেই অনুসৰি ৭ মে’লৈকে জাৰি থাকিব অসমত নৈশ সান্ধ্য আইন।নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ এই আইন জাৰি থাকিব।ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।সামাজিক দূৰত্ব মানি চলিব লাগিব।বিবাহ ভৱনত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।ব্যক্তিগত কোনো অনুষ্ঠানত ১০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত সম্পন্ন কৰিবলৈ ২০জন লোকহে উপস্থিত থাকিব পাৰিব।মন্দিৰ বা মছজিদত প্ৰতি ঘন্টাত ২০জন লোকহে উপস্থিত থাকিব পাৰিব।সকলো বজাৰ সমাৰ, ছুপাৰ মাৰ্কেট, মল সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।সন্ধিয়া ৬ বজালৈকেহে ই-কমাৰ্চ সেৱা চলি থাকিব।ফাৰ্মাচী, ভেটেনাৰী ক্লিনিক আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।৫০ শতাংশ লোকেহে কাৰ্যালয়ত উপস্থিত থাকি কৰ্ম সম্পাদন কৰিব পাৰিব।অৱশ্যে এই নিয়ম নিৰ্বাচনী কাৰ্য, ইমাৰ্জেন্সী ছাৰ্ভিচৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।গৰ্ভৱতী মহিলা ববা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে ৱৰ্ক ফ’ৰ্ম হোম কৰিব পাৰিব।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে