আজি প্ৰথিতযশা কবি,সাহিত্যিক তথা অসম কবি সমাজৰ ভূতপূৰ্ব সভাপতি, কামৰূপ জিলা (অবিভক্ত) সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেন কলিতাৰ কাব্যগ্ৰন্থ “বালিমাহী” শুভ উন্মোচন কৰা হয়। পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বৰ্ষীয়ান কবি গৰাকীৰ বেলতলা- চাৰ্ভেৰ দিকচৌ বাটস্থিত বাসভৱনত গ্ৰন্থখনি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক,সাহিত্য কোঁৱৰসকমল কলিতাই কয়- “বিশ্বমানৰ কবিতা ৰচনা কৰি কবি সমাজৰ মাজত ৰমেন কলিতাই এক সাচ বহুৱাইছে । নীলমণি ফুকন, নলিনীধৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য আদিৰ সমকক্ষ কবি ৰমেন কলিতাই আজিও ৰজাঘৰ-প্ৰজাঘৰৰ পৰা একো স্বীকৃতি পোৱা নাই। অসমীয়াই আচল মানুহক পাহৰি যায়। জীৱন কালত সন্মান নোপোৱাটো দুৰ্ভাগ্যজনক। অনাতাঁৰ আৰু দূৰদৰ্শনৰ জ্যেষ্ঠ তথা জনপ্ৰিয় কন্ঠশিল্পী ডিজেন কাকতিয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰে আৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰে কয়-সাম্প্ৰতিক কালত মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতা কমিছে। ধন-দৌলতেৰে প্ৰকৃত কবি-সাহিত্যিকক জুখিব নোৱাৰে। প্ৰকৃত কবি, গল্পকাৰ, সাহিত্যিক, শিল্পীসকলে সদায় সমাজৰ উন্নতি, সুষ্ঠ বাতাবৰণ আশা কৰে।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব, কবি সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰী সমিতিৰ সভাপতি নিশুতি মজুমদাৰে মুখ্য অতিথিৰ ভাষণত কয়-আশাবাদে এজন মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। কবিয়ে সকলো লোকৰে অনুভৱ, দুখ-দুৰ্গতি,সুখ-আনন্দ, শান্তি -সংহতি বুজি পায়। কবি আপোনা- আপুনি হৈ নুঠে।” সভাত বৃহত্তৰ বিৰকুছি সাহিত্য সভাৰ সভাপতি শশধৰ ডেকাই বিশিষ্ট অতিথিৰ ভাষণত কয়- “বৰ্তমান সময়ত সাহিত্য পণ্য হৈ উঠিছে। আজিৰ সৰহ সংখ্যক সাহিত্যিকে গভীৰতালৈ যাব নোৱাৰে।অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ মজুমদাৰ, বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি হৃষিকেশ দাসে ভাষণ দিয়া সভাত গুৱাহাটী কবি চক্ৰৰ সহকাৰী সম্পাদক মামণি পাটোৱাৰী, বিশিষ্টা লেখিকা সুস্মিতা মজুমদাৰ, স্বপ্না শৰ্মাইও ৰমেন কলিতাৰ কাব্যপ্ৰতিভা, তেওঁৰ সাহিত্য কৃতি সম্পৰ্কে বক্তব্য দাঙি ধৰে।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ