গুৱাহাটী এইমছ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ গুৱাহাটীৰ উদ্যোগত তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷ পুৱা ১১ বজাত পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান কে সতীশ নাম্বুদিৰিপদ, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত এই শিবিৰটো উদ্বোধন ধৰে গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পোৰানিকে৷ ইয়াৰ পাছতে গুৱাহাটী এইমছৰ ৭ জন চিকিৎসক, ৫গৰাকী নাৰ্ছ আৰু বিষয়া-কৰ্মচাৰীৰ এটা দলে সাধাৰণ মেডিচিন, দাঁত, চকু পৰীক্ষাৰ লগতে ডায়েটিচিয়ানেও স্বাস্থ্য যতনৰ পৰামৰ্শ আগবঢ়ায়৷ দিনৰ প্ৰায় তিনি বজালৈকে অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৯০গৰাকী সাংবাদিক, সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰি চিকিৎসা সেৱা গ্ৰহণ কৰে৷ শিবিৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিভিন্ন ঔষধপাতিও প্ৰদান কৰা হয়৷
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন