জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আজি এই বিশেষ দিনটোত শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বেলতলা পূবেৰুণ সংঘৰ ইনডৰ হলত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এখন সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে এই বঁটা ঘোষণা কৰি সংবাদ মাধ্যমৰ আগত আৰু কয় যে জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক দিশত বহু অৱদান আগবঢ়াইছে। আমি শিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আগন্তুক দিনত আৰু ন ন গীতৰ লগতে সাংস্কৃতিক দিশত উৎসাহেৰে কাম কৰি যাওক। এই বঁটাত শিল্পীগৰাকীক মানপত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, ২ লাখ টকাৰ এখন চেক আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হ’ব। পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ২০২৫ চনৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ বহাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০১২ চনৰ পৰা ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে। ইয়াৰ ভিতৰত দিপালী বৰঠাকুৰ, জ্ঞানদা কাকতি, পাৰবিন চুলতানা, সুদর্শণা শর্মা, ড° লক্ষহীৰা দাস, জর্জ বেকাৰ, ৰবীনা টেণ্ডন আদি অন্যতম। সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ সভাপতি বিচিত্র বড়ো, সাংস্কৃতিক সম্পাদক জয়ন্ত বড়োকে ধৰি ধনজিত চৌধুৰী, চন্দন কুমাৰ শইকীয়া আদি উপস্থিত থাকে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন