বেলতলা মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰ

0 423

মহানগৰীৰ বেলতলা মহাবিদ্যালয়ত ৰেঙণি
মহিলা কোষৰ উদ্যোগত তথা অসম টাং চু ডু সন্থাৰ সহযোগত যোৱা কালিৰ পৰা সপ্তাহ জোৰা কাৰ্যসূচীৰে ছাত্ৰীসকলৰ মাজত (ছোৱালীৰ) এক আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। যোৱাকালি এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত বৰকটকী ,অসম টাং চু ডুৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিত গগৈ, মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈ , প্ৰশিক্ষক অনুভৱ গগৈৰ লগতে মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যসকল । আত্মৰক্ষাৰ এই প্ৰশিক্ষণত মহাবিদ্যালয়খনৰ প্ৰায় শতাধিক ছাত্ৰীয়ে অংশ লয়। সপ্তাহযোৰা এই প্ৰশিক্ষণত কিদৰে নিজকে আত্মৰক্ষাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.