অসমত খেতি কৰা যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।এইয়া নিশ্চয়কৈ অসমীয়া জাতিৰ বাবে এক আশাৰ খবৰ ।অসমীয়া ল’ৰা ছোৱালীয়ে খেতি কৰাৰ মনোবৃত্তি গঢ়ি উঠিলে নিবনুৱা সমস্যা দূৰ হোৱাৰ লগতে আৰ্থিক সমস্যাও নোহোৱা হ’ব।এনে এজন উদ্যমী যুৱ খেতিয়ক খাৰুপেটীয়া বিহুদিয়া গাঁৱৰ হাবিবুৰ ৰহমান।যুৱকজনে দহ বিঘা মাটিত নতুন জৈৱিক পদ্ধতিৰে কেপচিকাম জলকীয়াৰ খেতি কৰিছে।মঙ্গলদৈ কৃষি বিজ্ঞান কেন্দ্রৰ বৈজ্ঞানিকৰ পৰামৰ্শ লৈ কেপচিকাম খেতি কৰাৰ লগতে ইক’লজিকেল ইঞ্জিনীয়াৰিং পদ্ধতি ব্যৱহাৰ কৰিছে।ইক’লজিকেল ইঞ্জিনিয়াৰিং পদ্ধতি ব্যৱহাৰ কৰি প্ৰধান শস্যক অনিষ্টকাৰী পোক পতঙ্গৰ পৰা ৰক্ষা কৰিবলৈ কেপচিকামৰ মাজত নাৰ্জী ফুল ৰোপন কৰিছে।ইয়াৰ ফলত খেতিয়কজনে কেপচিকামৰ খেতি ডৰাৰ পৰা দুগুন লাভ কৰিবলৈ সক্ষম হৈছে।দহ বিঘা মাটিত পঞ্চাশ হাজাৰ টকা খৰচ কৰি বৰ্তমান কেপচিকামৰ লগতে নাৰ্জী ফুল বজাৰত বিক্ৰী কৰি প্ৰতি বিঘাত দুই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে খেতিয়কজনে।খাৰুপেটীয়াৰ এইজন যুৱকে খেতি কৰি আজি নিজৰ এক পৰিচয় দাঙি ধৰিছে।নিউজ ডেক্স ৰিপ’ৰ্ট এন ই ফ’কাচ ডট কম..
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি