ব্ৰিটানিয়াৰ উদ্যোগৰ উদ্বোধনী অনুষ্ঠান

0 296

অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজিত হোৱা বিশ্ব বিনিয়োগ সন্মিলনত প্ৰায় ২০০ ৰো অধিক চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ জৰিয়তে অসমত এক উদ্যোগৰ বিপ্লৱ সূচনা হ’বলৈ সক্ষম হ’ল। টাটা ট্ৰাষ্টৰ উদ্যোগত ১৯ খন কেঞ্চাৰ হস্পিতাল আৰু ফিউচাৰ গ্ৰুপৰ শ্বপিং মল পাবলৈ সক্ষম হ’লো। শেহতীয়াকৈ ৰামপুৰত স্থাপন হোৱা ব্ৰিটানিয়া উদ্যোগে উদ্যোগৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। এই উদ্যোগটোৰ জৰিয়তে প্ৰায় ১০০০ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। বিশেষকৈ ৭০ শতাংশ মহিলাক অগ্ৰাধিকাৰ দিয়া হ’ব। আজি ৰামপুৰৰ ব্ৰিটানিয়া উদ্যোগ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে শীঘ্ৰে ছয়গাঁও আৰু টিহুত মৰাপাটৰ উদ্যোগ স্থাপন কৰা হ’ব।

এই অনুষ্ঠানত ব্ৰিটানিয়া ইণ্ডাষ্টিজৰ পৰিচালন সঞ্চালক বৰুণ বেৰীয়ে কয় যে উদ্যোগটোত ব্ৰিটানিয়া, ৫০-৫০, গুড দে’, নিউট্ৰিচয়জ, ব্ৰিটানিয়া মেৰিগল্ড আদি বিস্কুটৰ উৎপাদন হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ১ লাখ বৰ্গ ফুটৰ সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। উদ্ধোধনী অনুষ্ঠানত ব্ৰিটানিয়া ইণ্ডাষ্টিজৰ যোগান বিভাগৰ উপাধ্যক্ষ বিনয় সিং কুচৱাহা, কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.