বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ ভিতৰত আৰু আগমন হলৰ বাহিৰত, যাত্ৰীসকলৰ আৰু বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰী সকলৰ সুবিধাৰ্থে তিনিখনকৈ খাদ্য বিপনীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিপনীকেইখন শুভাৰম্ভ কৰে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই। বিভিন্নধৰণৰ দেশীয় খাদ্য-সামগ্ৰীৰ লগতে বিবিধ চকলেট উপলব্ধ হোৱা বিপনীকেইখন উদ্বোধন কৰি ভাষণ প্ৰসঙ্গত উৎপল বৰুৱাই কয় যে, বিপনীকেইখনে দীৰ্ঘদিন ধৰি বিমানকোঠত আৱশ্যক হোৱা এক বহুদিনীয়া অভাৱ পূৰণ কৰিব। স্বাস্থ্য সন্মতভাৱে খাদ্যগ্ৰহণৰ সুবিধা থকা বিপণিকেইখনৰ উদ্বোধনত, ভাষণ প্ৰসংগত বৰুৱাই নতুনকৈ আৰম্ভ হোৱা বিপনী কেইখনৰ সুবিধা গ্ৰহণ কৰিবলৈ যাত্ৰীসকলৰ লগতে বিমানকোঠৰ কৰ্মচাৰী সকলকো আহ্বান জনাই। উল্লেখ্য যে, বিপণি কেইখন ক্ৰমে ৱিম্বলে, ম’ম ব্লুজ আৰু ৫০ ডিগ্ৰি চোৱাৰ্মা, য’ত বিভিন্ন ধৰণৰ দেশীয় আৰু বিদেশী চকলেটৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য সম্ভাৰ উপলব্ধ হ’ব।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme