জনপ্ৰিয় চচিয়েল মাধ্যম ফেচবুকৰ জৰিয়তে সংগঠিত হোৱা সাহিত্য সাধনাৰ অনুষ্ঠান নৱজাগৰণ সাহিত্য মঞ্চৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত বৰষাৰ এটি দিন শীৰ্ষক কাব্যনুষ্ঠান অনুষ্ঠিত হয়।অনুপ কুমাৰ তালুকদাৰে বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰায় শতাধিক নবীন প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে। পূৱ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কবি ,সমালোচক বিপুল শৰ্মা। কবি সন্মিলনৰ সঞ্চালনা কৰে কৌস্তুভমণি শইকীয়াই ।।সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উপম শইকীয়া , মিৰ্জা হুমায়ুন কবিৰ , পৰান কুমাৰ বৰুৱা , মুকুট শৰ্মা , মনোজ দাস , বিপুল কুমাৰ নাথ , হৃদয় কুমাৰ পাটগিৰিকে ধৰি আন বহুকেইজন। উল্লেখযোগ্য যে আজিৰ সভাতে কল্যান কিশোৰ নাথ সভাপতি ববিতা শইকীয়াক কাৰ্যকৰী সভাপতি, নৱনীতা শইকীয়া গগৈক সম্পাদক, আৰু ঊষা মণি শইকীয়া আৰু সাধন নাথক যুটীয়া সম্পাদক মৃদাঙ্ক দিহিঙ্গীয়া , অংকীত গীতুমণি সাংগঠানিক সম্পাদক , জিন্তুমণি দাস প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ