বানাক্ৰান্ত অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে বিধায়ক মৃনাল শইকীয়াই

0 219

ক্ৰমাগতঃ ভাৱে কমিবলৈ ধৰিছে বাঢ়নী পানী ।মুহুৰ্ততে তচনচ হৈ যোৱা বানাক্ৰান্ত পৰিয়ালসমূহৰ সপোনবোৰক ধিয়াই নিৰৱে চকুলো টুকিছে দুৰ্ভগীয়া লোকসকলে। বাসস্থান আৰু খাদ্যৰ অভাৱৰ মাজতেই এতিয়া আকৌ পানী শুকুৱাৰ পাছত এইসকল জনতাৰ মাজত বিভিন্ন ৰোগে আক্ৰমণ কৰাৰ আতংকই দেখা দিছে। খুমটাই সমষ্টিৰ বানাক্ৰান্ত অঞ্চলসমূহত চোকা নজৰ ৰাখিছে সমষ্টিটোৰ বিধায়ক মৃনাল শইকীয়াই। বানাক্ৰান্ত ৰাইজৰ মাজত সঘনাই ঘুৰি ফুৰিছে এইগৰাকী বিধায়কে ।বানপানীৰ সময়ছোৱাত ভ্ৰাম্যমাণ পাকঘৰৰ যোগেদি বন্যাৰ্তৰ মাজত অহৰহ খাদ্যৰ যোগান ধৰি এক নজিৰ সৃষ্টি কৰিছিল এইগৰাকী বিধায়কে। পানী শুকুৱাৰ পাছত ভ্ৰাম্যমাণ পাকঘৰৰ পৰিৱৰ্তে এইবাৰ মৃণাল শইকীয়াৰ প্ৰচেষ্টাত আৰম্ভ হৈছে ভ্ৰাম্যমাণ চিকিৎসা সেৱা।বানবিধ্বস্ত অঞ্চলত চিকিৎসকৰ এটি দলে বানত আক্ৰান্ত  ৰাইজৰ মাজলৈ গৈ আগবঢ়াইছে চিকিৎসা সেৱা।দেওবাৰৰ পৰা আৰম্ভ হোৱা এই চিকিৎসাসেৱাই খুমটাই সমষ্টিৰ বান বিধ্বস্ত  অঞ্চলসমূহক সামৰি ল’ব। আনহাতে আন সমষ্টিৰ বানবিধ্বস্ত অঞ্চললৈও প্ৰয়োজন হ’লে যাবলৈ সাজু আছে বিধায়ক মৃনাল শইকীয়াৰ এই ভ্ৰাম্যমাণ চিকিৎসালয়খন ।দেওবাৰে এই ভ্ৰাম্যমাণ চিকিৎসালয়ৰ যোগেদি প্ৰায় ৫০০ বানাক্ৰান্ত অঞ্চলৰ লোকক চিকিৎসা প্ৰদান কৰা হয় ।এই ভ্ৰাম্যমাণ চিকিৎসালয়ত সহযোগিতা আগবঢ়াইছে বিধায়ক মৃনাল শইকীয়াৰ ভাতৃ চৰ্মৰোগ বিশেষজ্ঞ ডা০ দীপক শইকীয়াৰ লগতে ডা০ কমলেশ্বৰ নেওগ আৰু আন কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্চে।সমষ্টিবাসীৰ প্ৰতি থকা এজন বিধায়কৰ এনে দায়বদ্ধতাক এতিয়া সচেতন মহলে  প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।খবৰ যুগুতালে দেৰগাঁৱৰ পৰা পলাশে.. 

Leave A Reply

Your email address will not be published.