বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত

0 228

অসমবাসীৰ বাবে সুখবৰ। ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব বৰুৱাৰ সংসাৰ।জানিব পৰা মতে অহা ১জুনত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। বৰুৱাৰ সংসাৰ নামৰ তথ্য চিত্ৰ খন নিৰ্মাণ কৰিছে চলচ্চিত্র নিৰ্মাতা উৎপল বৰপূজাৰীয়ে। ৭১মিনিট দৈৰ্ঘ্যৰ এই তথ্য চিত্র খন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনি ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই।তথ্যচিত্র খনৰ সহযোগী পৰিচালক হ’ল ভাস্কৰ জ্যোতি দাস, মনস্বিনী মহন্ত । আনহাতে সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই। উল্লেখ্য যে মহানগৰীৰ লতাশিলৰ সমীপৰ পুৰণি বাসগৃহ আৰু বাসগৃহ স্বত্বাধিকাৰ বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ হৈছে এই তথ্যচিত্র খন।

Leave A Reply

Your email address will not be published.