এয়াৰটেলৰ ৰোমিং পেক উন্মোচন

0 191

ভাৰতী এয়াৰটেল (এয়াৰটেল) ভাৰতৰ আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী। আজি বিশ্ব ভ্ৰমণকাৰীৰ সকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক উন্মোচন কৰে । এই নতুন পেক সমুহত 184 খন দেশলৈ মোবাইল সংযোগৰ সুবিধা উপলব্ধ। নূন্যতম প্রতিদিনে 133 টকাৰ পৰা উপলভ্য এই পেক স্হানীয় পেক তকৈ সুলভ ।ইয়াৰ উপৰিও বৰ্ধিত ডাটা সুবিধা,ইনফ্লাইট কানেক্টিভিটি আৰু 24×7 কন্টাক্ট চেণ্টাৰ সেৱা সন্নিবিষ্ট ।
এয়াৰটেলে এইটোও সুনিশ্চিত কৰিছে যে এই 184খন দেশলৈ যাত্ৰা কৰা যাএীসকলে আৰু বিভিন্ন গন্তব্যস্থানৰ বাবে একাধিক পেকৰ চাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন নাই।যাএী সকলে এটা পেকৰ জড়িয়তে সুলভ ভাবে পৃথিবীৰ যিকোনো ঠাইত নিৰৱচ্ছিন্ন উপভোগ কৰিব ।
ভাৰতী এয়াৰটেলৰ গ্ৰাহক অভিজ্ঞতা আৰু বিপণন সঞ্চালক, অমিত ত্ৰিপাঠীয়ে কয়,এয়াৰটেলত আমাৰ মিচন হৈছে গ্ৰাহকৰ সমস্যা সমাধান আৰু অধিক সুবিধা প্ৰদান কৰা। আমি সুলভ আৰু সৰলীকৃত আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক মুকলি কৰি সুখী, যিয়ে বিশ্বৰ যিকোনো ঠাই ভ্ৰমণ কৰা গ্ৰাহকসকলক নিৰৱচ্ছিন্ন ৰোমিং সেৱা সক্ষম কৰিব। পেকসমূহে বৰ্ধিত সুবিধাসমূহৰ সৈতে অধিক মূল্য প্ৰদান কৰে যি আমাৰ দেশীয় চিমৰ তুলনাত সুলভ।নতুন পেকে সঁচাকৈয়ে গ্ৰাহকৰ বাবে আমাৰ সুবিধাৰ বিবৃতি আৰু প্ৰস্তাৱক পুনৰ সংজ্ঞায়িত কৰে আৰু তেওঁলোকক সুলভ মূল্যত ডাটা আৰু ভয়েচ ব্যৱহাৰ কৰাৰ সুবিধা নতা প্ৰদান কৰে।”
নতুন আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেকৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে:
• প্রতিদিনে 133 টকাৰ পৰা আৰম্ভ হয়, দেশৰ চিমৰ তুলনাত ই সুলভ ।
• এটা পেকৰ সৈতে বিশ্বব্যাপী সংযোগ সক্ষম কৰি বিশ্বৰ যিকোনো ঠাইলৈ যাত্ৰাৰ সুবিধা
• নতুন বৈশিষ্ট্যসমূহ: সঘনাই ভ্ৰমণকাৰীৰ বাবে এটা স্বয়ংক্রিয় নবীকৰণ বৈশিষ্ট্য যিয়ে পেকটো একাধিকবাৰ ক্ৰয়ৰ প্ৰয়োজনীয়তা দুৰ কৰে আৰু থেংকচ এপৰ ইয়াক প্রদান কৰে।

Leave A Reply

Your email address will not be published.