কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ

0 67

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি অগপৰ কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। জিলাখনৰ বিভিন্ন স্তৰৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰে। এনডিএ চৰকাৰৰ সৰ্বাংগীন উন্নয়ণৰ ধাৰাক আৰু অধিক গতিশীল কৰাৰ স্বাৰ্থত ২৬ এপ্ৰিলত শিলচৰ সংসদীয় সমষ্টিত হ’বলগীয়া নিৰ্বাচনত এনডিএ-ৰ মনোনীত প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক ব্যাপক হাৰত ভোটদান কৰি লোকসভালৈ নিৰ্বাচিত কৰিবলৈ সভাত জিলাখনৰ দলীয় সতীৰ্থসকলক আহ্বান জনায় অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে।

আনহাতে কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা সভাকক্ষটোৰো আজি উদ্বোধন কৰা হয়।সভাখনত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পাটগিৰি, সাধাৰণ সম্পাদকদ্বয় বিমলেন্দু সিনহা আৰু সুনীল ডেকাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক, কাছাৰ জিলা সমিতিৰ সভাপতি তথা অন্যান্য বিষয়ববীয়াসকল,শিলচৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমিতিসমূহৰ সভাপতি-সম্পাদকসকল, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ কাছাৰ জিলাৰ বিষয়ববীয়া আৰু অন্যান্য দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.