এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা, টাংছা, টুটছা, ৱাংছ’, টাই-খামতি, মিছিমি-কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) ভাৰতীয় সংবিধানিকভাৱে স্বীকৃত হ’ব। স্বাধীনতাৰ ৭৪বছৰৰ অপেক্ষাৰ অন্তত এই জনগোষ্ঠীকেইটাই ভাৰতীয় সংবিধানৰ স্বীকৃতি লাভ কৰিছে। ইমানদিনে অৰুণাচলী জনগোষ্ঠীকেইটাক যথোপযুক্ত নামেৰে সূচিত নকৰাৰ ফলত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল।অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই জনগোষ্ঠীকেইটাৰ নামকৰণ সংশোধনী বিধেয়কক ঐতিহাসিক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- পলাশবাৰীস্থিত চেণ্টপ্লাই উদ্যোগত বৃক্ষ ৰোপন আঁচনিৰ শুভাৰম্ভ
- ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত হিতাধিকাৰীসকলৰ মাজত অনুদান বিতৰণ
- দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বস্ত্ৰ নগৰী শুৱালকুছিৰ তাঁতশাল ফেক্টৰী
- কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা
- বন বিভাগ আৰু চি আৰ পি এফৰ যৌথ উদ্যোগত খানাপাৰাত গছপুলি ৰোপণ
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত