ভাল খবৰ-অৰুণাচলৰ ১২টা জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি

0 448

এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা, টাংছা, টুটছা, ৱাংছ’, টাই-খামতি, মিছিমি-কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) ভাৰতীয় সংবিধানিকভাৱে স্বীকৃত হ’ব। স্বাধীনতাৰ ৭৪বছৰৰ অপেক্ষাৰ অন্তত এই জনগোষ্ঠীকেইটাই ভাৰতীয় সংবিধানৰ স্বীকৃতি লাভ কৰিছে। ইমানদিনে অৰুণাচলী জনগোষ্ঠীকেইটাক যথোপযুক্ত নামেৰে সূচিত নকৰাৰ ফলত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল।অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই জনগোষ্ঠীকেইটাৰ নামকৰণ সংশোধনী বিধেয়কক ঐতিহাসিক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.