ভাৰতীয় নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কামৰূপ জিলাত বিশেষ পদক্ষেপ

0 212

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় নিৰ্বাচন আয়োগে আয়োজন কৰা ৰাষ্ট্ৰীয় ভোটাৰ সজাগতামূলক প্ৰতিযোগিতাত কামৰূপৰ জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ কামৰূপ জিলাত বিশেষ পদক্ষেপ লোৱা হৈছে৷ এই প্ৰতিযোগিতাৰ বাৰ্তা বহন কৰি জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ইয়াত ভাগ ল’বৰ বাবে উৎসাহিত কৰিবলৈ শৈক্ষিক প্ৰতিষ্ঠান, নেহৰু যুৱক কেন্দ্ৰ, এন এছ এছ, এন চি চি, সাংস্কৃতিক কৰ্মী তথা সংবাদ মাধ্যমৰ লোকসকলক জড়িত কৰাৰ লক্ষ্যৰে আজি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়৷ কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই সভাত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ‘‘মোৰ ভোট মোৰ ভবিষ্যত ঃ এটা ভোটৰ শক্তি’’ ( My Vote is my Future ঃ Power of One Vote) শীৰ্ষক বিষয়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত এই প্ৰতিযোগিতা সম্পৰ্কত বিশদভাৱে অৱলোকন কৰে৷ এই প্ৰতিযোগিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ জিলাখনৰ বি এল অ’সকলকো দায়িত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কামৰূপ জিলাৰ সকলো জনসাধাৰণকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷ উল্লেখযোগ্য যে দেশজুৰি অনলাইন মাধ্যমত যোৱা ২৫ জানুৱাৰীৰ পৰা চলি থকা এই প্ৰতিযোগিতাত যোগদানৰ অন্তিম দিন ১৫ মাৰ্চ ধাৰ্য কৰা হৈছে৷ কুইজ, শ্লোগান, গীত, ভিডিঅ’ নিৰ্মাণ আৰু পোষ্টাৰ ডিজাইনকে ধৰি ৫টা বিষয়ত অনলাইন মাধ্যমত চলি থকা প্ৰতিযোগিতাখনি ৩ টা শ্ৰেণীত অনুষ্ঠিত কৰা হৈছে৷ সেইকেইটা হৈছে প্ৰতিষ্ঠানভিত্তিক, পেছাদাৰী আৰু অপেছাদাৰী৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ অধীনত চলি থকা এই প্ৰতিযোগিতাত সকলো বয়সৰ লোকে বিভিন্ন বৰ্গত অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিটো শ্ৰেণীত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ লগতে বিশেষ পুৰস্কাৰো থাকিব৷ গীতৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানভিত্তিক, পেছাদাৰী আৰু অপেছাদাৰীৰ বাবে প্ৰথম পুৰস্কাৰ ক্ৰমে ১ লাখ, ৫০ হাজাৰ আৰু ২০ হাজাৰ টকা৷ ভিডিঅ’ প্ৰতিযোগিতাৰ উল্লেখিত তিনিটা শ্ৰেণীত প্ৰথম পুৰস্কাৰ ক্ৰমে ২ লাখ, ৫০ হাজাৰ আৰু ৩০ হাজাৰ টকা৷ ঠিক তেনেদৰে পোষ্টাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ক্ৰমে ৫০ হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা৷
এনেদৰে প্ৰতিটো বিষয়তে দ্বিতীয়, তৃতীয় আৰু বিশেষ পুৰস্কাৰো আগবঢ়োৱা হ’ব৷ ইচ্ছুক ব্যক্তিসকলে আয়োগৰ ৱেবচাইট https://ecisveep.nic.in/contest/ৰ জৰিয়তে সবিশেষ জানিব পাৰিব আৰু [email protected] ত ইমেইল কৰি প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব৷ভাৰতীয় সংবিধান স্বীকৃত যিকোনো ভাষাত জনসাধাৰণে এই প্ৰতিযোগিতাত অংশ ল’ব পাৰিব৷ শ্লোগান প্ৰতিযোগিতাৰ প্ৰতিযোগীয়ে বিষয়ৰ লগত সংগতি ৰাখি আকৰ্ষণীয় শব্দৰে সজাব পাৰিব লাগিব৷ গীত প্ৰতিযোগিতাৰ বাবে শাস্ত্ৰীয়, সমসাময়িক, ৰেপ আদিৰ যোগেদি নিৰ্দিষ্ট বিষয়বস্তৰ আধাৰত প্ৰস্তুত কৰা মৌলিক গীত পৰিবেশন কৰিব লাগিব৷ এইক্ষেত্ৰত বাদ্যযন্ত্ৰৰ বাধ্যবাধকতা নাই যদিও ৩ মিনিট দৈৰ্ঘৰ ভিতৰত হ’ব লাগিব৷ ভিডিঅ’ নিৰ্মাণৰ প্ৰতিযোগীয়ে ভোটদানৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো স্তৰৰ ভোটাৰৰ লগতে জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোক, মহিলা সকলোকে আকৰ্ষণ কৰিবলৈ লক্ষ্য ৰাখিব লাগিব৷ ভিডিঅ’ৰ দৈৰ্ঘ্য ১ মিনিটৰ বেছি হ’ব নোৱাৰিব৷ বিভিন্ন প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন আঞ্চলিক ভাষাৰ বাবে জুৰি নিযুক্তি দিব৷

Leave A Reply

Your email address will not be published.