লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন কৰা হয়।এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলী নৱগ্ৰহ শ্মশানত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পন কৰে । ভাৰত মাতৃৰ সুযোগ্য সন্তানগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে আজি আমি অসমীয়া হিচাপে নিজকে চিনাকি দিব পাৰিছো । এনে এগৰাকী অতুলনীয় ব্যক্তিৰ আদৰ্শ আমি সকলোৱে অনুকৰণ কৰিব লাগে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ , মোস্তাকিম নাজিৰিয়ে কোৰাণ পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ ,ক্ষেমানন্দ ভিক্ষুয়ে ত্ৰিপিটক আৰু দ্বীপেন বড়োৱে বাইবেল পাঠ কৰে।আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া , উপাধ্যক্ষ ধীৰা তালুকদাৰ, মহকুমা দণ্ডাধীশ কংকন শৰ্মা ,লোকপ্ৰিয়গৰাকীৰ পুত্ৰ বলিন বৰদলৈ তথা পৰিয়ালবৰ্গ আৰু জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন
- কৃষি বিজ্ঞান কেন্দ্ৰত ‘কাজিনেমু’ৰ ৰপ্তানি বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী