ভাৰত পৰ্যটনে সমগ্র অসম ৰাজ্যজুৰি ১০০০ কিলোমিটাৰ চাইকেলিঙ আৰম্ভ কৰিছে।অহা ৭ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ চলিব লগীয়া চাইকেলিঙ বীৰ লাচিত ঘাটৰ পৰা আৰম্ভ হ’ব।এই সম্পৰ্কে জানিবলৈ দি ভাৰত পৰ্যটনৰ উত্তৰ পূবৰ সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে কয় যে এই চাইকলিঙে পৰ্যটন ক্ষেত্ৰখনক প্ৰসাৰ ঘটাব।আজি সংবাদ মেলত উপস্থিত থাকি আয়কৰ বিভাগৰ আয়ুক্ত সঞ্জয় বাহাদুৰে কয় যে পৰ্যটকে উত্তৰ পূবত চাবলগীয়া বহু ঠাই আছে।আমাৰ মানুহে গোৱা ,কেৰেলা, হিমাচললৈ যায়।কিন্তু উত্তৰ পূবৰ দৰে জৈৱ বৈচিত্ৰ্যময়, প্ৰাকৃতিক পৰিৱেশে পূৰ্ণ ঠাই পৃথিৱীতে বিৰল।উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা নগাঁও,নগাৱৰ পৰা দেৰগাঁও,দেৰগাঁৱৰ পৰা শিৱসাগৰ, শিৱসাগৰ পৰা দুলিয়াজান, দুলিয়াজানৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা উত্তৰ লখিমপুৰ, উত্তৰ লখিমপুৰৰ পৰা বিশ্বনাথ আলি,বিশ্বনাথৰ পৰা ঢেকীয়াজুলি, ঢেকীয়াজুলিৰ পৰা গুৱাহাটীলৈ চাইকেলি অনুষ্ঠিত হ`ব।ঠাই বিশেষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।আজিৰ সংবাদমেলত পৰ্যটন বিভাগৰ বহুকেইজন বিষয় ববীয়া উপস্থিত থাকে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ