ধেমাজিৰ অাৰ্থ সামাজিক সাংস্কৃতিক অনুষ্ঠান ভোগজৰাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো কলাগুৰু বিষ্ঞু ৰাভাৰ স্মৰণত যোৱা ২০ জুনত অসমৰ সাহিত্য, সাংস্কৃতিক আৰু বৌদ্ধিক ক্ষেত্ৰখনলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা ধেমাজিৰ প্ৰচাৰ বিমুখ নমস্য ব্যক্তিক জীয়াধল উপত্যকা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট দিব্যাংগ শিল্পী, সাংস্কৃতিক কৰ্মী বংশীধৰ বসুমতাৰীক ২০১৯-২০ বৰ্ষৰ জীয়াধল উপত্যকা বটা, জনকল্যানকামী সংগঠনক বঁটা ৰক্তধাৰা, বিশেষ শৈক্ষিক সন্মান চিলাপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়, ধেমাজি জিলাৰ পৰিচ্ছন্ন গাওঁ হিচাবে ” শুৱনি আমাৰ গাওঁখনি ” বঁটা বৰদলনি মাইছা গাঁৱলৈ বঁটা প্ৰদান কৰা হয়। জীয়াঢল উপত্যকা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ঞুৰাভা প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট আবৃত্তিকাৰ বগীবিল দলং নিৰ্মাণ প্ৰকল্পৰ উত্তৰ পূব সীমান্ত ৰেল’ৱেৰ উপ মুখ্য অভিযন্ত্ৰা ধৰ্মানন্দ দাসে। অনুষ্ঠানত মাছখোৱাৰ অনুৰাধা নৃত্য কলাকেন্দ্ৰৰ কণ কণ শিল্পীসকল , সৰ্বোগ্ৰাম সেৱাশ্ৰমৰ অনাথ শিল্পী সকল, চিচিবৰগাওঁ সংগীত বিদ্যালয়ৰ শিল্পী সকল, চিলাপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সকলৰ উপৰিও ভোগজৰাৰ শিল্পী সকলে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া , ধেমাজি জিলা শিক্ষা বিভাগৰ পৰিদৰ্শক কবিতা ডেকা, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী দুৱৰা,সম্পাদক ভাস্কৰ সভাপণ্ডিত, ধেমাজি প্ৰেছ ক্লাৱৰ সম্পাদক হৰেন্দ্ৰ শৰ্মা, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোাহাঁই, লোকশ্ৰী বঁটা প্ৰাপক বিমলা গগৈ , সমাজকৰ্মী নীপ কোঁৱৰকে আদি কৰি ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ চাৰি শতাধিক ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে প্ৰণতি দেৱী শৰ্মা আৰু গিৰিন শৰ্মাই ৷
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন