মণিকৰ্ণিকাত কাম কৰা অসমীয়া এজন চাউণ্ড ডিজাইনাৰৰ কথাৰে

0 665

২৬জানুৱাৰীত  মুক্তি লাভ কৰা ঝান্সীৰ ৰাণী লক্ষ্মীবাই ওপৰত নিৰ্মাণ কৰা চিনেমা মণিকৰ্ণিকাত  শব্দ সংযোজনৰ লগত জড়িত আছে অসমীয়া এজন চাউণ্ড ডিজাইনাৰ।নাহৰকটীয়াৰ কিংচুক মৰাণ নামৰ যুৱকজনে শব্দ ব্যৱস্থাপনাৰ লগত জড়িত হৈ আছে ।এই সম্পৰ্কে কিংচুক মৰাণে  কয় যে সহ শব্দযন্ত্ৰী হিচাপে কাম কৰি যথেষ্ট আনন্দিত হৈছো।১৮৫৭ চনত ঝাঞ্চীৰাণীয়ে বৃট্ৰিছৰ শাসকৰ কবলত নপৰিবৰ বাবে কৰা ৰণ কৌশল তথা ১৮৫৭চনৰ চিপাহী বিদ্ৰোহৰ কিছু অংশ চিনেমাখনত সংযোজিত কৰা হৈছে ।উল্লেখযোগ্য যে কিংচুক মৰাণে এতিয়ালৈকে ৪০খন চিনেমাত কাম কৰিছে ।হিন্দীৰ লগতে উৰিয়া, পাঞ্জাবী, মাৰাঠী ছবিত কাম কৰাৰ অভিজ্ঞতা আছে।শেহতীয়া মুক্তি লাভ কৰা উৰিত শব্দযন্ত্ৰী হিচাপে কাম কৰিছিল ।

Leave A Reply

Your email address will not be published.