মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত ভয়াৱহ ভূমিস্খলনত নিহত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হৰমোহন ডেকাৰ পত্নীয়ে লাভ কৰা নাছিল চৰকাৰে মৃত শ্ৰমিক সকলৰ বাবে প্ৰদান কৰা কোনো ধৰণৰ সাহাৰ্য।অৱশেষত কালি মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাই অসম চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহাৰ্য লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা ২৯ জুনৰ নিশা মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনত মৰিগাঁও জিলাৰ কুশতলি অঞ্চলৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ অকাল মৃত্যু ঘটাৰ লগতে আন ৫ গৰাকী শ্ৰমিক আহত হৈছিল।মৃত শ্ৰমিক সকলৰ ভিতৰত আছিল অঞ্চলটোৰ লাউভূৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা নামৰ এগৰাকী শ্ৰমিকো।মৃত শ্ৰমিক হৰমোহনৰ আছে পত্নী আৰু প্ৰায় ৯ বছৰীয়া এটা পুত্ৰ সন্তান। ইফালে মৃত আৰু আহত শ্ৰমিক সকলক মণিপুৰৰ চৰকাৰৰ উপৰিও অসম চৰকাৰে মৃত শ্ৰমিক সকলৰ বাবে ২ লাখ আৰু আহত সকলৰ বাবে ২৫ হাজাৰকৈ টকা সাহাৰ্য প্ৰদান কৰিছে।ইতিমধ্যে অসম চৰকাৰৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে কুশতলি অঞ্চলৰ খোৰাগোসাঁই বড়িত আনুষ্ঠানিক ভাৱে অসম চৰকাৰে প্ৰদান কৰা সাহাৰ্যৰ চেক সমূহ প্ৰদান কৰে যদিও পাৰিবাৰিক কন্দলৰ বাবে মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাই সেই সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈছিল।প্ৰণিধানযোগ্য যে মৃত হৰমোহনৰ বিধৱা পত্নী প্ৰণীতাৰ বিৰুদ্ধে শাহুৰ লগতে ভনীজোঁঁৱাই আৰু হৰমোহনৰ জ্যেষ্ঠ ভাতৃৰ পত্নীয়ে ধনৰ লালসাত প্ৰশাসনৰ ওচৰত ভুৱা অভিযোগ দাখিল কৰি সাহাৰ্য পোৱাৰ পৰা বঞ্চিত কৰি আহিছিল।পিছত স্থানীয় প্ৰশাসনৰ প্ৰচেষ্টাত সকলো তদন্ত কৰি অৱশেষত আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাক অসম চৰকাৰে প্ৰদান কৰা ২ লাখ টকীয়া আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে।উল্লেখযোগ্য যে মৃত হৰমোহনৰ বিধৱা পত্নীৰ ন্যায়ৰ বাবে স্থানীয় লোকেও দাবী জনাই আহিছিল আৰু সেই অনুসৰি প্ৰশাসনে তদন্তৰ মৰ্মে বিধৱা প্ৰণীতা কৌৱৰ ডেকাক অসম চৰকাৰৰ সাহাৰ্যৰ চেক প্ৰদান কৰা কাৰ্যত প্ৰশাসনক কৃতজ্ঞতা জনাইছে।
Trending
- সপোন যেন লগা বৰষুণে পশ্চিম গুৱাহাটীৰ কৃষকৰ মুখলৈ আনিছে হাঁহি -বৰো ধানৰ খেতি কৰা কৃষকলৈ সকাহ
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত
- Farmers’ Mobilization & Awareness Programme organised by NECTAR under PM-DevINE Scheme in Nihoto Village, Nagaland.
- বটদ্রৱাৰ দৌল মহোৎসৱ – দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে গোঁসাইক লৈ দৌললৈ যাত্রা
- The National Institute of Technology hosted a three five-day program sponsored by MSME
- নুমলীগড় শোধনাগাৰৰ সৈতে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন