মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত ভয়াৱহ ভূমিস্খলনত নিহত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হৰমোহন ডেকাৰ পত্নীয়ে লাভ কৰা নাছিল চৰকাৰে মৃত শ্ৰমিক সকলৰ বাবে প্ৰদান কৰা কোনো ধৰণৰ সাহাৰ্য।অৱশেষত কালি মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাই অসম চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহাৰ্য লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা ২৯ জুনৰ নিশা মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনত মৰিগাঁও জিলাৰ কুশতলি অঞ্চলৰ ১৬ গৰাকীকৈ শ্ৰমিকৰ অকাল মৃত্যু ঘটাৰ লগতে আন ৫ গৰাকী শ্ৰমিক আহত হৈছিল।মৃত শ্ৰমিক সকলৰ ভিতৰত আছিল অঞ্চলটোৰ লাউভূৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা নামৰ এগৰাকী শ্ৰমিকো।মৃত শ্ৰমিক হৰমোহনৰ আছে পত্নী আৰু প্ৰায় ৯ বছৰীয়া এটা পুত্ৰ সন্তান। ইফালে মৃত আৰু আহত শ্ৰমিক সকলক মণিপুৰৰ চৰকাৰৰ উপৰিও অসম চৰকাৰে মৃত শ্ৰমিক সকলৰ বাবে ২ লাখ আৰু আহত সকলৰ বাবে ২৫ হাজাৰকৈ টকা সাহাৰ্য প্ৰদান কৰিছে।ইতিমধ্যে অসম চৰকাৰৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে কুশতলি অঞ্চলৰ খোৰাগোসাঁই বড়িত আনুষ্ঠানিক ভাৱে অসম চৰকাৰে প্ৰদান কৰা সাহাৰ্যৰ চেক সমূহ প্ৰদান কৰে যদিও পাৰিবাৰিক কন্দলৰ বাবে মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাই সেই সাহাৰ্য লাভৰ পৰা বঞ্চিত হৈছিল।প্ৰণিধানযোগ্য যে মৃত হৰমোহনৰ বিধৱা পত্নী প্ৰণীতাৰ বিৰুদ্ধে শাহুৰ লগতে ভনীজোঁঁৱাই আৰু হৰমোহনৰ জ্যেষ্ঠ ভাতৃৰ পত্নীয়ে ধনৰ লালসাত প্ৰশাসনৰ ওচৰত ভুৱা অভিযোগ দাখিল কৰি সাহাৰ্য পোৱাৰ পৰা বঞ্চিত কৰি আহিছিল।পিছত স্থানীয় প্ৰশাসনৰ প্ৰচেষ্টাত সকলো তদন্ত কৰি অৱশেষত আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত মৃত হৰমোহনৰ পত্নী প্ৰণীতা কৌৱৰ ডেকাক অসম চৰকাৰে প্ৰদান কৰা ২ লাখ টকীয়া আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে।উল্লেখযোগ্য যে মৃত হৰমোহনৰ বিধৱা পত্নীৰ ন্যায়ৰ বাবে স্থানীয় লোকেও দাবী জনাই আহিছিল আৰু সেই অনুসৰি প্ৰশাসনে তদন্তৰ মৰ্মে বিধৱা প্ৰণীতা কৌৱৰ ডেকাক অসম চৰকাৰৰ সাহাৰ্যৰ চেক প্ৰদান কৰা কাৰ্যত প্ৰশাসনক কৃতজ্ঞতা জনাইছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা