মন কী বাতৰ কিছু অংশ অসমীয়াত গ্ৰন্থ আকাৰে প্ৰকাশ পাব

0 267

অসমীয়া ভাষাত প্ৰকাশ পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোৰ প্রিয় দেশবাসী,আইলৈ চিঠি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি আকাশবাণী যোগে আৰম্ভ কৰিছিল মন কী বাত অনুষ্ঠান।এই মন কী বাতৰ পৰা নিৰ্বাচিত কৰি উলিওৱা কিছুমান কথা আৰু কামৰ বৰ্ণনাৰে ‘মোৰ প্রিয় দেশবাসী’ নামেৰে এখন কিতাপ সজাইছে লেখিকা নম্ৰতা দত্তই।
প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম আৰু অসমবাসীৰ প্ৰসংগত মন কী বাতত কোৱা ভালেইখিনি কথা সন্নিবিষ্ট কৰা হৈছে গ্ৰন্থ খনত। বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগত কোৱা কথাখিনিয়ে বিশেষ গুৰুত্ব বহন কৰিছে।নতুন দিল্লীৰ ব্লুক্ৰাফত ডিজিটেল ফাউণ্ডেচনৰ সহযোগত এই কিতাপখন প্ৰকাশ কৰা হৈছে।
বহু বছৰ পিছত গুজৰাটী কৰিছিল আৰু ইংৰাজী গ্ৰন্থখনৰ নাম দিয়া হৈছিল লেটাৰছ টু মাডাৰ। এই কিতাপখন বৰ্তমান অসমীয়ালৈ অনুবাদ কৰিছে লেখক উৎপল দত্তই।তেওঁ অনুবাদ কৰা অসমীয়া কিতাপখনৰ নাম দিয়া হৈছে আইলৈ চিঠি।
দুয়োখন কিতাপৰ প্ৰকাশক অসম পাব্লিচং কোম্পানীৰ দীপক কুমাৰ সান্যাল।এই বছৰত প্ৰকাশন গোষ্ঠীটোৰ স্বৰ্ণজয়ন্তী বৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি কিতাপ দুখন প্ৰকাশ কৰা হৈছে বুলি জনাইছে প্ৰকাশক গৰাকীয়ে।
ইফালে কিতাপ দুখন বেটুপাত অংকন কৰিছে সমকালীন ভাৰতৰ এগৰাকী প্ৰখ্যাত চিত্ৰকৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা সৌৰীশ মিত্ৰই।

Leave A Reply

Your email address will not be published.