মহানগৰৰ ৱাৰ্ডে ৱাৰ্ডে কমিটি গঠনৰ সিদ্ধান্ত-খানাপাৰাত মহানগৰ তৃণমূল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক

0 166

গুৱাহাটী মহানগৰত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰিছে কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছে। আজি খানাপাৰাস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ কামৰূপ মহানগৰ সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক দিনবোৰত মহনগৰৰ ৱাৰ্ডে ৱাৰ্ডে কমিটি গঠনৰ বাবে মহানগৰ তৃণমূল কংগ্ৰেছে জোৰদাৰ অভিযান চলাব বুলি আজি বৈঠকৰ অন্তত সাংবাদিকক জানিবলৈ দিয়ে মহানগৰ তৃণমূলৰ সভাপতি তপন কলিতাই। তেওঁ আৰু কয় যে খোৱা পানীৰ অভাৱ, কৃত্ৰিম বান, ৱাৰ্ড সমূহৰ অভ্যন্তৰৰ ভগ্নপ্ৰায় বাট -পথ, সম্পত্তি কৰ, বৰ্ধিত বিদ্যুৎ বিল আদিয়ে মহানগৰবাসী জলা কলা খুৱাইছে। ৱাৰ্ডে ৱাৰ্ডে সংগঠন অভিযানৰ সময়ত মহানগৰ তৃণমূল কংগ্ৰেছে ৰাইজৰ কাষ চাপি এইসমূহৰ বুজ ল’ব আৰু আগন্তুক দিনত এই সমস্যা সমূহৰ সমাধানৰ দাবীত কৰ্মসূচী হাতত লʼব বুলি কলিতাই প্ৰকাশ কৰে।

আজিৰ সভাত পৰ্যবেক্ষক হিচাপে ৰাজ্যিক সভাপতি ৰিপুণ বৰা, মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ লগতে কেইবাগৰাকীও কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.