মহামাৰীৰ মাজতে ত্ৰাসৰ সৃষ্টি কৰা ব্লেক ফাংগাছৰ লক্ষণ সমূহ কি কি?

0 312

ক’ভিডৰ সমান্তৰালকৈ সম্প্ৰতি ৰাজ্যত ত্ৰাসৰ কাৰণ হৈছে ব্লেক ফাংগাছ। ৰাজ্যত ব্লেক ফাংগাছত আক্ৰান্ত হৈ নগাঁৱৰ এজন যুৱক মৃত্যুমুখত পৰে। সমান্তৰালভাৱে সকলোৰে মনত ভয়ৰ কাৰণ হৈ পৰিছে।
আচলতে ব্লেক ফাংগাছ নো কি? ব্লেক ফাংগাছ বা মিউকৰ্মাইকোচিছ তাক ক’লা ভেকুৰ বুলি জনা যায়। ব্লেক ফাংগাছে চকু,ছাল, হাওঁফাওঁ আৰু মগজুক প্ৰভাৱিত কৰে। যিকোনো বয়সৰ ব্যক্তিক ক’লা ভেকুৰে সংক্ৰমণ কৰিব পাৰে। বিশেষকৈ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দূৰ্বল থকা ব্যক্তি এই বেমাৰত অসুস্থ হৈ পৰাৰ সম্ভাৱনা অধিক।
এই ৰোগত আক্ৰান্ত হ’লে চকু আৰু নাকত বিষ হয়। চকু ৰঙা হয়, নাক বন্ধ হয়, নাকৰ পৰা ক’লা আৰু তৰল দ্ৰব্য ওলায়। জ্বৰ হয়, উশাহ লোৱাত কষ্ট হয় আৰু মানসিক স্থিতিও পৰিৱৰ্তন হয়। দেশৰ সামগ্ৰিক প্ৰেক্ষাপটত ক’ৰণা আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ মাজতে এনে ৰোগৰ প্ৰাৰ্দুভাৱ হোৱা দেখা গৈছে। অৱশ্যে অসমত এই ৰোগৰ সম্পৰ্কে স্বাস্থ্য বিভাগে আনুষ্ঠানিক ভাৱে স্থিত স্পষ্ট কৰা নাই।

Leave A Reply

Your email address will not be published.