সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰয়াণ দিনৰ লগত সংগতি ৰাখি কালি কামৰূপ জিলাৰ কমলপুৰৰ দ্বিগুণপাৰাৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সহযোগত এখনি মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০বজাত স্বচ্ছ অভিযান মুকলি কৰে প্ৰাক্তন সেনা ত্ৰৈলোক্য কাকতিয়ে। ইয়াৰ পিচত যুৱ সমাজৰ পতাকা উত্তোলন কৰে সভাপতি অমূল্য কাকতি আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সভাপতি কপিল কাকতিয়ে।স্মৃতি-তৰ্পণ কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক জগদীশ কুমাৰ ভৰালীয়ে।দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে এমট্ৰনৰ উপ-প্ৰবন্ধক তথা সাংস্কৃতিক সংবাদপত্ৰ “দাপোন” মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ কলিতাই । প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- “একাংশ মানুহৰ মন-মগজুবোৰ বৰ্তমান ঠুনকা হৈ পৰিছে। আধ্যাত্মিক অনুষ্ঠানবোৰে সকলোৰে অন্তৰত সদ্ভাৱ জাগ্ৰত কৰে।পখিয়াচুবাৰ যুৱ সমাজৰ নতুন প্ৰজন্মৰ প্ৰতি কৰা চিন্তাই এদিন সকলোৰে বাবে পাথেয় হৈ ৰ’ব।” সভাত ভাষণ দি বিশিষ্ট শিল্পী তথা দিহানামৰ প্ৰশিক্ষক বাণী পাঠকে কয়- আমি শুদ্ধ ৰূপত যিকোনো বিষয় পৰিবেশন কৰিব লাগে। বঁটা পোৱা-নোপোৱাটো ডাঙৰ কথা নহয়। অৱসৰী শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ ভৰালীয়ে আঁত ধৰা সভাত উপস্থিত থাকি বঁটা প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী অমৃত দাস,বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত দাস, কমলপুৰ জ্যোতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গণিৰুদ্দিন আহমেদ, যুৱ সমাজকৰ্মী অতুল ব্ৰহ্ম কাকতি। দিহানাম প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ৰাধাকৃষ্ণ দিহানাম দল, দ্বিতীয় সনাতনী দিহানাম আৰু তৃতীয় স্থান লাভ কৰে ত্ৰিনয়ন দিহানাম দলে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে নমামী দিহানাম দলে। দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যসূচীসমূহ সুকলমে সম্পন্ন কৰাত ৰাইজৰ সহাঁৰিত আনন্দ প্ৰকাশ কৰে যুৱ সমাজৰ সভাপতি অমূল্য কাকতি,কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ কাকতি আৰু সম্পাদক দিপেন ভৰালীয়ে।
Trending
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়