সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰয়াণ দিনৰ লগত সংগতি ৰাখি কালি কামৰূপ জিলাৰ কমলপুৰৰ দ্বিগুণপাৰাৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সহযোগত এখনি মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০বজাত স্বচ্ছ অভিযান মুকলি কৰে প্ৰাক্তন সেনা ত্ৰৈলোক্য কাকতিয়ে। ইয়াৰ পিচত যুৱ সমাজৰ পতাকা উত্তোলন কৰে সভাপতি অমূল্য কাকতি আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সভাপতি কপিল কাকতিয়ে।স্মৃতি-তৰ্পণ কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক জগদীশ কুমাৰ ভৰালীয়ে।দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে এমট্ৰনৰ উপ-প্ৰবন্ধক তথা সাংস্কৃতিক সংবাদপত্ৰ “দাপোন” মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ কলিতাই । প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- “একাংশ মানুহৰ মন-মগজুবোৰ বৰ্তমান ঠুনকা হৈ পৰিছে। আধ্যাত্মিক অনুষ্ঠানবোৰে সকলোৰে অন্তৰত সদ্ভাৱ জাগ্ৰত কৰে।পখিয়াচুবাৰ যুৱ সমাজৰ নতুন প্ৰজন্মৰ প্ৰতি কৰা চিন্তাই এদিন সকলোৰে বাবে পাথেয় হৈ ৰ’ব।” সভাত ভাষণ দি বিশিষ্ট শিল্পী তথা দিহানামৰ প্ৰশিক্ষক বাণী পাঠকে কয়- আমি শুদ্ধ ৰূপত যিকোনো বিষয় পৰিবেশন কৰিব লাগে। বঁটা পোৱা-নোপোৱাটো ডাঙৰ কথা নহয়। অৱসৰী শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ ভৰালীয়ে আঁত ধৰা সভাত উপস্থিত থাকি বঁটা প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী অমৃত দাস,বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত দাস, কমলপুৰ জ্যোতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গণিৰুদ্দিন আহমেদ, যুৱ সমাজকৰ্মী অতুল ব্ৰহ্ম কাকতি। দিহানাম প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ৰাধাকৃষ্ণ দিহানাম দল, দ্বিতীয় সনাতনী দিহানাম আৰু তৃতীয় স্থান লাভ কৰে ত্ৰিনয়ন দিহানাম দলে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে নমামী দিহানাম দলে। দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যসূচীসমূহ সুকলমে সম্পন্ন কৰাত ৰাইজৰ সহাঁৰিত আনন্দ প্ৰকাশ কৰে যুৱ সমাজৰ সভাপতি অমূল্য কাকতি,কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ কাকতি আৰু সম্পাদক দিপেন ভৰালীয়ে।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা