মাজুলীত মনোনয়ন পত্ৰ দাখিল কৰিল মুখ্যমন্ত্ৰীয়ে-বিশাল জনসভা

0 249

এইবাৰ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা দ্বিতীয় বাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়াব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে সন্ধিয়া ৬.৩০ বজাত মাজুলীত উপস্থিত হয় আৰু তেখেতক মাজুলীত বিপুল জনসাধাৰণে আদৰনি জনায় ।
মাজুলী জেংৰাইমুখ, ফুলনি চাৰিআলী, ৰঙাচাহী, পকাজৰা, আৰু গড়মূৰত দলীয় সমৰ্থক সকলে সোনোৱালক গামোচা পিন্ধাই ফটকা ফুটাই, জিন্দাবাদ ধ্বনি দি আদৰনি জনায়।
উল্লেখযোগ্য যে প্ৰায় ২০ হাজাৰ সমৰ্থক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি মনোনয়ন দাখিল কৰিব । প্ৰায় ২০ হাজাৰ সমৰ্থক লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা দেখা যায়।

Leave A Reply

Your email address will not be published.