এতিয়া মাজুলীৰ য’লৈকে যাওঁ কেৱল ৰাসময় এক পৰিৱেশ বিৰাজ কৰিছে।আমাৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় যে এই সংস্কৃতিৰ আমাৰ মাজুলীয়ে সুন্দৰকৈ ধৰি ৰাখিছে।যাক ভৱিষ্যতৰ দিনটো আৱহমান গতিৰে লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব।মাজুলীত সকলো জাতি-জনগোষ্ঠীয়ে মিলি যি ধৰণে ৰাসোৎসৱ উদযাপন কৰে সেইয়া ৰাজ্য খনৰ বাবেই শুভ বাৰ্তা।মাজুলীৰ সাংস্কৃতিক বৈভৱে অসমবাসীক গৌৰৱাম্বিত কৰে।আজি মাজুলীৰ উপায়ুক্ত সভাকক্ষত মাজুলী ৰাস মহোৎসৱ আয়োজক সমিতি সমূহলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বিত্তীয় অনুদান বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনেদৰে কয় ।তেওঁ আৰু কয় যে বিগত সময়চোৱাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে আমি মাজুলীৰ ৰাসক লৈ বিভিন্ন চিন্তা কৰাৰ চেষ্টা কৰিছোঁ।এইবেলিও মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ৰাস সমিতি সমূহে বহু কষ্টৰে নিজস্ব ধন ভাঙি সংস্কৃতি ধৰি ৰখাৰ যি প্ৰয়াস কৰি আহিছে তাত চৰকাৰে অকণমান সহায় কৰাৰ চিন্তা কৰিছিল।সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে মোক দিয়া নিৰ্দেশনা মাজুলীৰ ৬১ খন ৰাস সমিতিলৈ অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ।মন্ত্ৰীগৰাকীয়ে ৰাসোৎসৱৰ সময়ত মাজুলীৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে মাজুলীৰ উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰিব বুলি জানিবলৈ দিয়ে।ইফালে ৮ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে দুদিনীয়া ভ্ৰমণসূচীয়ে মাজুলীলৈ অহাৰ লগতে মাজুলীৰ বিভিন্ন ৰাসোৎসৱত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।ইফালে মাজুলীত চলি থকা পৰ্যটন বিভাগৰ কাম-কাজ সমূহ অহা ২০ নৱেম্বৰৰ ভিতৰত সমাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰা লগতে ২৫ তাৰিখৰ পিছত কোনো এটা দিনত পুনৰ মাজুলীত মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাশিলাৰ লগতে অন্যান্য চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।মাজুলীৰ উপায়ুক্ত পুলক মহন্তই আঁত ধৰা অনুষ্ঠানটোত মাজুলীৰ ৬১ খন ৰাস সমিতিক নিজ হাতে মন্ত্ৰী বৰুৱাই ৫০ হাজাৰকৈ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাজুলীৰ বিধায়ক ভুৱন গামে এই পদক্ষেপৰ বাবে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত মাজুলীৰ প্ৰতিখন ৰাস সমিতিৰ বিষয়ববীয়াৰ লগতে সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme